Breaking

আজিৰ পৰা আৰম্ভ মহিলা টি-২০ বিশ্বকাপ। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেল…

0 88

২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ দলক একেটা গ্ৰুপতে স্থান দিয়া হৈছে। ১২ ফেব্ৰুৱাৰীত দুয়োটা দল মুখামুখি হ’ব। আজিৰ পৰা (১০ ফেব্ৰুৱাৰী) মহিলা টি-২০ বিশ্বকাপ আৰম্ভ হ’ব। প্ৰথমখন খেলত মুখামুখি হ’ব আয়োজক দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকা। এই বিশ্বকাপত ভাৰতীয় দলটোৱে ১২ ফেব্ৰুৱাৰীৰ পৰা অভিযান আৰম্ভ কৰিব। আজিৰ দিনটোত ভাৰতৰ সন্মুখত হ’ব পাকিস্তানৰ প্ৰত্যাহ্বান। দুয়োটা দলকে একেটা গ্ৰুপতে স্থান দিয়া হৈছে।

গ্ৰুপ-বিত আছে ভাৰত আৰু পাকিস্তানৰ দল। এই গ্ৰুপত ইংলেণ্ড, আয়াৰলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ দলো আছে। পাঁচটা দলৰ এই গ্ৰুপৰ শীৰ্ষ ২ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। একেদৰে গ্ৰুপ-এতো ৫টা দল আছে, ইয়াৰে দুটা দলে ছেমি ফাইনেলৰ টিকট লাভ কৰিব।

অহা ১২ ফেব্ৰুৱাৰীত কেপ টাউনৰ নিউলেণ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেলখন। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব। এই খেলখনৰ লাইভ টেলিকাষ্ট ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ বিভিন্ন চেনেলত কৰা হ’ব। মেচখনৰ লাইভ ষ্ট্ৰীমিং ডিজনী + হটষ্টাৰ এপতো উপলব্ধ হ’ব।

এই পৰ্যন্ত ভাৰত আৰু পাকিস্তানৰ দলৰ মাজত ১৩খন টি-২০ মেচ অনুষ্ঠিত হৈছে। ইয়াত ভাৰতীয় দলটোৱে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছে। এই সময়ছোৱাত ভাৰতে ১০খন খেলত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে মাত্ৰ ৩খন খেলত জয়লাভ কৰিছে।

ভাৰতীয় দল- হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা, শ্বেফালী ভাৰ্মা, যস্তিকা ভাটিয়া, ৰিচা ঘোষ, জেমিমা ৰড্ৰিগেছ, হৰলিন দেওল, দীপ্তী শৰ্মা, দেৱীকা বৈদ্য, ৰাধা যাদৱ, ৰেনুকা ঠাকুৰ, অঞ্জলি সৰৱানী, পূজা বস্ত্ৰকাৰ, ৰাজেশ্বৰী গৈকৱাদ, শিখা পাণ্ডে।

পাকিস্তানী দল- বিছমাহ মাৰুফ (অধিনায়ক), আইমান আনোৱাৰ, আলিয়া ৰিয়াজ, আইছা নাছিম, ফাতিমা চানা, জাভেৰিয়া খান, মুনিবা আলী, নাশ্ৰা সন্ধু, নিদা দৰ, ওমাইমা সোহেইল, সাদাফ ছামছ, সদিয়া ইকবাল, ছিদ্ৰা আমিন, ছিদ্ৰা নৱাজ, টুবা হাছান ৷

টি-২০ বিশ্বকাপত ভাৰতৰ খেল কেতিয়া?
১২ ফেব্ৰুৱাৰী : ভাৰত বনাম পাকিস্তান (কেপ টাউন, সন্ধিয়া ৬.৩০ বজাত)
১৫ ফেব্ৰুৱাৰী : ভাৰত বনাম ৱেষ্ট ইণ্ডিজ (কেপ টাউন, সন্ধিয়া ৬.৩০ বজাত)
১৮ ফেব্ৰুৱাৰী : ভাৰত বনাম ইংলেণ্ড (গেলেকা, সন্ধিয়া ৬.৩০ বজাত)
২০ ফেব্ৰুৱাৰী : ভাৰত বনাম আয়াৰলেণ্ড (গেলেকা, সন্ধিয়া ৬.৩০ বজাত)


Leave A Reply