Breaking

ৰৌতাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সভা

0 1,533

ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্য নিৰ্বাহক সভাখন কালি ৮ আগষ্টত ৰৌতা আঞ্চলিক বাথৌ  মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হৈ যায় ।  এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সভাখনৰ কাৰ্যসূচীমতে পুৱাৰ ভাগত প্ৰতিনিধিৰ নাম পঞ্জীয়ন , বন্তি প্ৰজ্বলন , পতাকা উত্তোলনৰ পাছত বৃক্ষৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় । বিজেপিৰ  ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি কষ্টৰাম বাগ্লাৰীয়ে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাখনত উত্তৰ পূৰ্বাঞ্চল ৰেলৱে বোৰ্ডৰ সদস্যা তথা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰভাৰী নিলীমা দেৱীয়ে উপস্থিত থাকি বিজেপি দলটোৰ সংৰচনা আৰু পৰিকল্পনাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সদস্য জীতু কিষানে সভাখনত অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উপলব্ধি আৰু বাজেটৰ সম্পৰ্কত দীঘলীয়া বক্তব্য আগবঢ়ায় । কেইবাজনো ৰাজ্যিক সদস্য , জিলাৰ বিষয় ববীয়া, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ এলেকাস্হ ১১ খন বিজেপি মণ্ডলৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰমুখ্যে সকলো বিষয় ববীয়াই উপস্থিত থকা সভাখনত বিটিচিৰ ৩৯ নম্বৰ পাচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দীপক মৌৰ , ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰভাৰী ধৰম বসুমতাৰীয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ যুৱ মৰ্চাৰ কাম কাজৰ সন্দৰ্ভত সভাতখনত সাৰুৱা বক্তব্য আগবঢ়োৱাৰ আগতে দলটোৰ সদস্য সুমন নাথে এটা জ্যেতি সংগীত গায় সভাখনৰ শোভা বঢ়ায় । তদুপৰি ৮ নম্বৰ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অনলাইন যোগে  ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চালৈ সভাখনত আগবঢ়োৱা বক্তৃতা সকলোৱে একান্ত মনেৰে সভাখনত শুনা দেখা যায় ।

Leave A Reply