Breaking

তামুলপুৰত ‘শিশুৰ অধিকাৰ সুৰক্ষা- বিটিআৰত আইন প্ৰণেতাৰ ভূমিকা’ শীৰ্ষক কৰ্মশালা সম্পন্ন

0 42

ইউনিচেফৰ সহযোগত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পিছ ষ্টাডিজ (চি ডি পি এছ)ৰ উদ্যোগত তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে “ শিশুৰ অধিকাৰ সুৰক্ষা — বিটিআৰত আইন প্ৰণেতাৰ ভূমিকা’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কৰ্মশালা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৷

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি “শিশুৰ অধিকাৰ সুৰক্ষা” সম্পৰ্কত আইন প্ৰণেতা সকলৰ ভূমিকা সম্পৰ্কত চিডিপিএছৰ কাৰ্যবাহী সঞ্চালক ৱাছবীৰ হুছেইনে ২০২৩ চনৰ জুন মাহৰ পৰা বিটিআৰত ইউনিচেফৰ সহযোগত চিডিপিএছে গ্ৰহণ কৰা প্ৰকল্পৰ কাৰ্য্যকলাপ সমূহ বিশদভাৱে উল্লেখ কৰে ৷ এই সময়ছোৱাত গ্ৰহণ কৰা কাৰ্য্যসূচীসমূহৰ ভিতৰত বিটিআৰ অঞ্চলৰ সংবাদ মাধ্যমৰ সৈতে এটা সংবেদনশীলতা অধিবেশন আৰু চাৰিটা মণিটৰিং অধিবেশনৰ লগতে বিটিচিৰ ৫ টা পৰিষদীয় সমষ্টিৰ শিশু অধিকাৰ সম্পৰ্কীয় বিষয়ৰ ওপৰত বিতং তথ্য
প্ৰজেক্টৰৰ সহায়ত তথ্যসহকাৰে উপস্থাপন কৰে ।

কৰ্মশালাত শিশুৰ অধিকাৰ সুৰক্ষা, শিশু আৰু মহিলা সৰবৰাহ, শিশুৰ শিক্ষাৰ অধিকাৰ, শিশুৰ স্বাস্থ্য, অনাময় আধাতে বিদ্যালয় এৰা সমস্যা, বালসভাৰ ব্যৱস্থা আদিৰ ওপৰত বিভিন্ন জনে বক্তব্য ৰখাৰ লগতে শিশু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আগন্তুক দিনত কি দৰে আগবাঢ়িব তাৰ বিশদ আলোচনা কৰা হয় ৷ কৰ্মশালা খনত বিটিআৰৰ উপ মুখ্যকাৰ্যবাহী সদস্য গোৱিন্দ চন্দ্ৰ বড়ো, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ড° ধৰ্মনাৰায়ণ দাস, ৰঞ্জিত বসুমতাৰী, এম চি এল সঞ্জয় স্বৰ্গীয়াৰী উপস্থিত থকা ইউনিচেফৰ ক্ষেত্ৰীয় কাৰ্যালয়, গুৱাহাটীৰ মুৰব্বী ড° মধুলিকা জোনাথনে বক্তব্য ৰাখি বিটিআৰত শিশু অধিকাৰ ইয়াৰ সুৰক্ষা সন্দৰ্ভত বহলভাৱে বিশ্লেষণ কৰে।

কৰ্মশালাৰ অন্তত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই সাংবাদিকৰ আগত কয়, শিশুৰ অধিকাৰ আৰু সুৰক্ষা সম্পৰ্কত প্ৰথমবাৰ বাবে এনে অনুষ্ঠান বিটিআৰৰ লোৱা হৈছে। বিটিআৰৰ শিশুৰ অধিকাৰ, বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আইন প্ৰনয়ণ প্ৰয়োগৰ ক্ষেত্ৰত কৰ্মশালাত আলোচনা কৰা হয়। শিশু শ্ৰমিক, শিশু নিৰ্যাতন, শিশুৰ মৃত্যু ৰোধ কৰা ক্ষেত্ৰত আজিৰ কৰ্মশালাখনত সংকল্প গ্ৰহণ কৰা হয় বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কয়, বিটিআৰৰ অঞ্চলত বহুদিন ধৰি চলি সংগ্ৰাম,হিংসাত্মক অশান্তিৰ পৰিবেশ সৃষ্টি হৈছিল। যাৰ ফলত বিটিআৰৰ সৰ্বসাধাৰন জনসাধাৰণৰ লগতে শিশু সকলৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে।


শিশুৰ সুৰক্ষাৰ বাবে অহা তিনি বছৰৰ ভিতৰত বিটিআৰক শিশু শ্ৰমিক মুক্ত কৰি গঢ়ি তোলা হব বুলি বিটিআৰ প্ৰধান গৰাকীয়ে ২০২৫ চনৰ ভিতৰত বিটিআৰত এজনো শিশু নথকাৰ লগতে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ গঢ়ি তোলা হব বুলিও মন্তব্য কৰে। বিটিআৰত শিশুৰ সমস্যা নোহোৱা কৰিব । শিশু শ্ৰমিক নোৱাহোৱা কৰাৰ প্ৰতিশ্ৰুতিৰে ১০ ডিচেম্বৰৰ ভিতৰত বাল সভা অনুষ্ঠিত কৰিবলৈ বিভাগীয় লোক সকলক নিৰ্দেশ দিয়াৰ উপৰিও অহা বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা বিটিআৰৰ প্ৰতিটো পৰিষদীয় সমষ্টিত বছৰি পাঁঁচ লক্ষ্যধিক টকাৰ আবন্টন দি শিশুৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব বুলি সদৰি কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷


আনহাতে অশান্তিকৰ পৰিবেশৰ সুযোগ গ্ৰহণ বিগত সময়চোৱাত বিটিআৰত ড্ৰাগছ, নিচাযুক্ত দ্ৰব্যৰ বৃদ্ধি,মানৱ সৰবৰাহ, শিশু শ্ৰমিক আদি বৃদ্ধি পাইছিল ৷ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ সমান্তৰাল ভাৱে সম্প্ৰতি এখন ড্ৰাগছ মুক্ত বিটিআৰৰ গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও সদৰি কৰে।

Leave A Reply