Breaking

যোৰহাট মহাবিদ্যালয়ত ‘বিশ্ব ধঁপাতবিৰোধী দিৱস’ উপলক্ষে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ

0 91

যোৰহাট মহাবিদ্যালয়ত ‘বিশ্ব ধঁপাতবিৰোধী দিৱস’ উপলক্ষে বুধবাৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু Eco Club ৰ উদ্যোগত এক সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত শৰ্মাই সাম্প্ৰতিক সময়ত খাদ্য সংকটৰ প্ৰেক্ষাপটত ধঁপাতজাতীয় সামগ্ৰী সেৱনতকৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তাক দোহাৰে।

লগতে ধঁপাত জাতীয় সামগ্ৰীৰ বিজ্ঞাপনৰ লগত অমিতাভ বচ্চন, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অজয় দেৱগণৰ দৰে তাৰকাৰ অংশগ্ৰহণক সমালোচনা কৰে।

উপাধ্যক্ষ উৎপল দত্তই, শৈক্ষিক উপাধ্যক্ষ ৰূপালী বৰা আৰু জ্যেষ্ঠ অধ্যাপক কুশল কুমাৰ দাসৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলে কলেজৰ দাঁতি-কাষৰীয়া এলেকাৰ শ্ৰমিক, পথাচাৰীক ধপাত জাতীয় দ্ৰৱ্য সেৱনৰ অপকাৰিতা সম্পৰ্কে অৱগত কৰে।

নিঃসন্দেহে যোৰহাট মহাবিদ্যালয়ৰ এই সামাজিক দায়বদ্ধতা শলাগ ল’ব লগীয়া।

Leave A Reply