Breaking

গোগামুখৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালনঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পাঁচ হেজাৰ গছপুলি ৰোপন

0 76

সমগ্ৰ বিশ্বৰ লগতে ধেমাজি জিলাৰ গোগামুখৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখ নাহৰবাৰীস্থিত ৰৗগৃ ৰৗগাম বহুমুখী কৃষি প্ৰকল্পত  দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰা হয়৷ উক্ত স্থানত মুঠ দুই হেজাৰ জোপা গছপুলি ৰোপন কৰা হয় ৷

গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ শুভাৰম্ভ কৰি তেওঁ কয়, “গছ থাকিলেহ বায়ুমণ্ডলৰ শক্তি বৃদ্ধি পাব আৰু জীৱজগতৰ বাবে ই অতি সুখদায়ক হ’ব ৷ সকলোৱে গছপুলি ৰোপন কৰি জীৱজগতৰ আয়ুস বৃদ্ধি কৰিব লাগিব নহ’লে সমগ্ৰ পৃথিৱী তথা জীৱজগতৰ আয়ুস টুটি আহিব ৷ ইয়াৰ সমান্তৰালভাৱে আমি প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তুলিব লাগিব“ ৷ প্লাষ্টিক মুক্ত এখন পৰিৱেশ গঢ় দিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীবোৰৰ পৰা আৰম্ভ কৰি সকলো কামতে মাটিৰ লগত সহজে বিলীন হ’ব পৰা সামগ্ৰীবোৰ ব্যৱহাৰ কৰিব লাগিব বুলিও তেওঁ দোহাৰে ৷

অনুষ্ঠানত  তেওঁক সহযোগ কৰে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে ৷ অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে আৰু টি এম পি কে, এম এম কে, টি এম এম কেৰ কৰ্মী-সদস্যসকলে৷   একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখস্থিত মুখ্য কাৰ্যালয়তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিষদৰ চৌপাশ  চাফাই অভিযান চলোৱা হয় ৷

পৰিষদৰ গাণনিক লক্ষীধৰ দলে আৰু উচ্চ বৰ্গৰ সহায়ক বিপিন গামৰ নেতৃত্বত চলা এই অভিযানত পৰিষদৰ সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰে ৷ 

গোগামুখ মহাবিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে পৰিৱেশ দিৱস পালন কৰা হয়৷ পৰিৱেশ দিৱসত মহাবিদ্যালয়ৰ চৌহদত নানা তৰহৰ গছপুলি ৰোপন কৰাৰ লগতে এখনি পৰিৱেশ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ পৰিৱেশ সজাগতা সভাত উপস্থিত থাকি ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ প্ৰধান বিজ্ঞানী ড° এ কে  শ্ৰীবাস্তৱে কয়, “আমাৰ মাটি, পানী আৰু বায়ুমণ্ডলত থকা অনুজীৱবোৰে আমাৰ পৃথিৱীক সেউজীয়া কৰি ৰখাত সহায় কৰাৰ  লগতে আমাৰ পৃথিৱীক খাদ্যৰ যোগান ধৰি আহিছে” ৷

ভৱিষ্যতে এই অনুজীৱবোৰ যাতে কোনো বাধা-বিঘিনীৰ সন্মুখীন নোহোৱাকৈ পৃথিৱীক  জীয়াই ৰাখিব  পাৰে তাৰ দাযিত্বও মানুহেই ল’ব লাগিব বুলি প্ৰধান বিজ্ঞানী জনে মন্তব্য আগবঢ়ায়৷ সভাত আইকাৰৰ আন এগৰাকী জেষ্ঠ বিজ্ঞানী ড° অৰ্পণ ভৌমিকে প্লাষ্টিক মুক্ত পৰিৱেশৰ ওপৰত বক্তব্য আগবঢ়ায় আৰু ব্যৱহাৰ্য সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি কিদৰে প্লাষ্টিক মুক্ত পৰিৱেশ গঢ় দিব পাৰে তাৰ বিৱৰণ দিয়ে৷

সভাখনৰ আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ সভাৰ শেষত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপক গোট, এন এছ গোট আৰু গ্ৰীণ ক্লাবৰ এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখন আঁত ধৰে আভ্যন্তৰীণ মান নিৰূপক গোটৰ সহ সমন্বয়ক কাঞ্চন শৰ্মাই ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ গোগামুখস্থিত চৌহদৰ লগতে গোগামুখৰ দিৰপাই প্ৰাথমিক বিদ্যালয় আৰু দিৰপাই গাঁৱতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷

আইকাৰৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সম্পাদক ছান কুমাৰ পাংগিং, সদস্য সঞ্জীৱ মিলি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য  প্ৰভাত বাসুমতাৰী, সাধাৰণ সদস্য বাণীকান্ত দলে  টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ  সভাপতি ৰুহিত নৰহ, সম্পাদক সনাতন দলে  আদিয়ে ৷  উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদিতো বিস্ব পৰিৱেশ দিৱস  উদ্‌যাপন কৰা হয় ৷

Leave A Reply