Breaking

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আধানম ঘিব্ৰেছুছে ক’লে, “দুবছৰ সময় লাগিব ক’ৰোনাৰ প্ৰকোপ কমিবলৈ”

0 1,240

অনলাইন বাৰ্তা : সমগ্ৰ বিশ্বত নিতৌ হৈ থকা প্ৰশ্নটো হ’ল কেতিয়া কমিব ক’ৰোনা ভাইৰাছৰ প্ৰকোপ ? কাৰণ এতিয়াও আবিষ্কাৰ হোৱা নাই ক’ৰোনাৰ প্ৰতিষেধক ৷ ৰাছিয়াই প্ৰতিষেধক আবিষ্কাৰৰ দাবী কৰিলেও তাত মান্যতা দিয়া নাই বিশ্ব স্বাস্থ্য সংস্থাই ৷ ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আধানম ঘিব্ৰেছুছে উদ্বেগ বঢ়াই জনালে, বিশ্ব স্বাস্থ্য সংস্থাই আশা কৰিছে যে ক’ৰোনাৰ প্ৰকোপ কমিবলৈ অন্তত দুবছৰ সময় লাগিব ৷ কাৰণ যোৱাটো শতাব্দীত অৰ্থাৎ ১৯১৮ চনত সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা স্পেনিছ ফ্লুৰ স্থায়িত্ব আছিল অন্তত দুবছৰ ৷ যোৱা বছৰ ডিচেম্বৰত প্ৰথমবাৰ উহানত ক’ৰোনা ভাইৰাছৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছিল ৷ তাৰ পাচত এই ভাইৰাছে সমগ্ৰ বিশ্বক গ্ৰাস কৰে ৷ স্তব্ধ হৈ পৰে জনজীৱন ৷ চীন, ইটালী, স্পেইন, ব্ৰিটেইন, ৰাছিয়া, ব্ৰাজিল, ভাৰত, আমেৰিকা আদি প্ৰায়বোৰ দেশকে ক’ৰোনাই গ্ৰাস কৰে৷ এফালে বৃদ্ধি পায় আক্ৰান্তৰ সংখ্যা আৰু আনফালে মৃত্যুৰ পৰিমাণো বৃদ্ধি পায় ৷ এই পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই লক্ষ্য কৰিছে, এই ভাইৰাছৰ প্ৰকোপ অহা দুবছৰত কমিব ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধানে কয়, বৰ্তমান পৰিস্থিতিত জনঘনত্ব আৰু জনসংযোগ বহু বাঢ়ি যোৱাত সংক্ৰমণ বহু বাঢ়িছে ৷ এজনৰ পৰা আনজনৰ শৰীৰলৈ মুহূৰ্ততে ভাইৰাছৰ প্ৰৱেশ ঘটিছে৷ তেনে সময়তে আমি প্ৰযুক্তি আৰু বহু জ্ঞান লাভ কৰিছো ৷ যি আমাক এই সংক্ৰমণ ৰোধত সহায় কৰিছে ৷ অহা দুবছৰৰ ভিতৰত এই সংক্ৰমণ ৰোধত অৱশ্যে সহায় কৰিব ৷ উল্লেখ্য যে কেৱল ভাৰততে আক্ৰান্তৰ সংখ্যা ২৯ লাখৰ ওপৰ হৈছে ৷ চিন্তাৰ বিষয় যে চলিত মাহত প্ৰায় চাৰে ১২ লাখ মানুহলৈ এই ভাইৰাছ সংক্ৰমণ হৈছে ৷ দেশত বৰ্তমানে সক্ৰিয় ক’ৰোনা ৰোগীৰ সংখ্যা ৬ লাখ ৯২ হাজাৰ ২৮ জন ৷

Leave A Reply