Breaking

বিশ্ব শ্ৰমিক দিৱস পালন সদৌ অসম কৃষক সংঘৰ উদ্যোগত সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ মৰিগাঁও চাৰণ বিলত

0 107

বিশ্ব শ্ৰমিক দিৱস পালন সদৌ অসম কৃষক সংঘৰ উদ্যোগত সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ মৰিগাঁও চাৰণ বিলত । পুৱা ৭ বজাত চাফাই অভিযান কৰে শ্ৰমিক প্ৰফুল্ল দাসে, পতাকা উত্তোলন কৰে কৃষক নেতা তুলসী ডেকাই,বন্তি প্ৰজ্বলন কৰে তিৱা নেতা ললিত বৰদলৈয়ে, শ্বহীদ তর্পন কৰে তিৱা নেতা মতিৰাম বৰদলৈয়ে, কুলে দাসৰ সভাপতিত্বত মুকলি সভা খনত মুখত অতিথি হিচাপে ভাষণ প্ৰদান কৰে সংগ্ৰামী নেতা দুলাল ভাগৱতীয়ে।

সভাত মণ্টু ডেকা, গনেশ মেধি বেবী দাস, পূজা দাস, ভদ্রা দাসে ধৰি বহুজনে মন্তব্য কৰে। ৫০ জন শ্ৰমিকক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। লগতে চাৰণ বিলৰপাৰত ফল-মূলৰ পুলি ৰোপণ কৰা হয়।

Leave A Reply