Breaking

নাজিৰা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত বিশ্ব মানসিক দিৱস পালন

0 2,052

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নাজিৰাৰ হাতীপট্টীস্থিত মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ জ্যোতি গৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়।নাজিৰাৰ উদ্যমী যুৱক নাছেৰ খানৰ প্ৰচেষ্টাত বিগত প্ৰায় ১৫ বছৰে নাজিৰাত শতাধিক মানসিক ৰোগীক চিকিৎসা আৰু পুনঃসংস্থাপন কৰি অহা হিউমেন ৱেলফেয়াৰ চচাইটিয়ে এতিয়াও ৪২ জনকৈ মানসিক ৰোগীক চিকিৎসা প্ৰদান কৰি আছে।আজি বিশ্ব মানসিক স্বাস্থ্য দিৱসত উক্ত ৰোগীসকলৰ কাষত থিয় হয়হি অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ, শিৱসাগৰ জিলা আইন প্ৰাধিকৰণৰ সচিব বৰ্ণানী গোস্বামীকে ধৰি আন বহুজন।মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰত এটি নতুন গৃহ উদ্বোধন কৰে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে।জ্যোতি গৃহতে শিৱসাগৰ জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত তথা হিউমেন ৱেলফেয়াৰ চচাইটিৰ সহযোগত মানসিক ৰোগীসকলৰ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হয়। এই উপলক্ষে কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি বিজয় আগৰৱালাৰ পৰিচালনাত আৰু বিশিষ্ট লোকধিবক্তা মহেন্দ্ৰ ভূঞাই আত ধৰা এক গাভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আইন প্ৰাধিকৰণৰ সচিব বৰ্ণানী গোশ্বামী , নাজিৰা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা , বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰ , জিলা স্বাস্থ্য বিভাগৰ ডাঃ ৰাজীৱ পাংগিঙ , ৰবীন বৰঠাকুৰ আদিকেধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে । অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাস , অনিল পাংগিঙ , জ্যোতি গৃহতে আশ্ৰয় লৈ চিকিৎসাধীন হৈ থকা একালৰ শিল্পী পিকু মালাকাৰৰ গীত পৰিৱেশনে সকলোকে মুগ্ধ কৰে। 

Leave A Reply