Breaking

সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ সৃষ্টিৰ ৰোমন্থন আৰু চৰ্চাৰ বাবে ‘ভাল খবৰৰ দিন’, বিচাৰিছে অনুৰাগীৰ আৰ্থিক সহযোগিতা…

0 30

১ জানুৱাৰী তাৰিখটোৱে বিশেষকৈ গুৱাহাটীৰ অসমীয়া সাহিত্য অনুৰাগী সকলৰ মাজত এক গুৰুত্ব আহৰণ কৰিবলৈ সমৰ্থ হৈছে। যোৱা এক দশকৰো অধিক কাল ধৰি সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজে এই দিনটো বিস্ময়কৰ সাহিত্যিকজনৰ সৃষ্টিৰ ৰোমন্থন আৰু চৰ্চাৰ বাবে ‘ভাল খবৰৰ দিন’ ৰূপে উদযাপন কৰি আহিছে।
অনুষ্ঠানটো অনাড়ম্বৰ হয়। এজন বা দুজন গুণী ব্যক্তিয়ে একোটা বক্তৃতা দিয়ে, লগতে হয়তো এটি পাঠ বা অভিনয়। ডিচেম্বৰৰ শেষত অনুষ্ঠানটো সম্পৰ্কে এটি সৰু বাতৰি প্ৰচাৰ হয়, চা-চিনাকি সকললৈ সময় আৰু স্থান জনাই বাৰ্তা এটি দিয়া হয়। আৰু প্ৰায় অবলীলাক্ৰমে নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত সভা – গৃহ সুধী সকলেৰে ঠাহ খাই পৰে। আয়োজক সকলৰ সৰু গোটটো প্ৰতিবাৰেই চলিহা অনুৰাগীৰ এই স্বতঃস্ফুৰ্ত অংশ গ্ৰহণত অভিভূত হৈ পৰে। সৌৰভ কুমাৰ চলিহা বৌদ্ধিক আলস্য আৰু অৱক্ষয়ৰ বিৰুদ্ধে অসমীয়াৰ প্ৰতিবাদৰ প্ৰতীক। আশা কৰা যায় অসমৰ অন্য ঠাইতো, গাৱে-ভূঞে ‘ভাল খবৰৰ দিন’ উদযাপিত হ’ব।


এইবাৰো ১ জানুৱাৰীত ‘ভাল খবৰৰ দিন’ উদযাপনৰ আয়োজন আৰম্ভ হৈছে। সেই সম্পৰ্কে সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ এখন গোহাৰি –
প্ৰি্য় অনুৰাগী,
বিগত বছৰবোৰৰ দৰে এইবেলিও সমাগত পহিলা জানুৱাৰীত ‘ভাল খবৰৰ দিন’ উদযাপনৰ দিহা কৰা হৈছে ৷ এইবাৰৰ অনুষ্ঠানত ইতিপূৰ্বে অনুষ্ঠিত ‘ভাল খবৰৰ দিন’ৰ লগতে ২৫ জুনত বক্তাসকলে প্ৰদান কৰা ভাষণসমূহৰ এখন একত্ৰ সংকলন মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এইখিনিতে সবিনয়ে উল্লেখ কৰিব খুজিছোঁ যে অনুষ্ঠানটোৰ বাবে আমাৰ হাতত সামান্য পুজিহে আছে৷ অথচ ১ জানুৱাৰীৰ অনুষ্ঠানটোৰ লগতে কিতাপখনৰ প্ৰাৰম্ভিক কাম আৰু অনুৰাগী সমাজৰ ৱেবচাইটো ৰিনিউ কৰাৰ বাবে আমাক ১৮ হাজাৰৰ পৰা ২০ হাজাৰ মান টকাৰ প্ৰয়োজন। এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ । অনুৰাগীসকলৰ সহযোগিতাৰ লগতে সাধ্যানুসাৰে আৰ্থিক সমৰ্থন পালে অনুষ্ঠানটো সুচাৰুৰূপে অুনুষ্ঠিত কৰাৰ লগতে আনুষাংগিক কামখিনি কৰিবলৈ আমাৰ সুবিধা হ’ব৷ ধন্যবাদ৷
ইচ্ছুক অনুৰাগীয়ে তলত উল্লিখিত বেংক একাউন্ট বা গুগল পে নম্বৰত বৰঙণি দিব পাৰেঃ
Mahesh Deka
Bank name:SBI
Ac no: 10243241821
IFSC: SBIN0005606
Branch: Silpukhuri evening branch
Google Pay no: 9854271585

Leave A Reply