Breaking

ৱাই-প্লাছ কেটেগৰী লাভ কংগনা ৰানাৱাটৰ

0 1,307

অনলাইন বাৰ্তা : ৱাই- প্লাছ কেটেগৰী লাভ কৰিলে কংগনা ৰানাৱাটে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰত এই কথা প্ৰকাশ ৷ উল্লেখ্য যে ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু কমাণ্ডোসহ ১১ জন সশস্ত্ৰ আৰক্ষীৰে সুৰক্ষিত হ’ব ‘কুইন’ কংগনা ৰানাৱাট ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত বলীউডত এক বৃহৎ অংশৰ মাজত ড্ৰাগছ সেৱনৰ অভ্যাস আছে বুলি তেওঁ জনাইছিল ৷ তাৰ পাচৰে পৰা মুম্বাইত নিৰাপদে থাকিবনে তাকে লৈ আতংকিত হৈ আছিল অভিনেত্ৰীগৰাকী ৷ তেওঁ টুইট কৰি জনাইছিল যে মুম্বাই আৰক্ষীৰ ওপৰত তেওঁৰ ভৰসা নোহোৱা হৈছে ৷ তেওঁ কেন্দ্ৰীয় বা হিমাচল প্ৰদেশ চৰকাৰে যদি তেওঁক সুৰক্ষা দিয়ে তেতিয়া নিশ্চিতভাৱে ল’ব ৷ আনকি দেওবাৰে তেওঁৰ পিতৃয়ে সেই বিষয়ে কেন্দ্ৰৰ আবেদন কৰিছিল ৷ ইয়াৰ পাচতে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লয় যে বলীউডৰ অভিনেত্ৰীগৰাকীক ৱাই-প্লাছ কেটেগৰীৰ নিৰাপত্তা দিয়া হ’ব ৷ এই সিদ্ধান্তত অতি সুখী হৈ কংগনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি হিন্দীত টুইট কৰে, ‘বহু ধন্যবাদ অমিত শ্বাহজী ৷ আপোনাৰ এই সহায়ে এটাই প্ৰমাণিত হ’ল যে এজন দেশপ্ৰেমিকৰ কণ্ঠ ৰোধ কৰা নাযায়৷ মই অমিত শ্বাহৰ ওচৰত কৃতজ্ঞ ৷ তেওঁ যদি বিচাৰে মই কেইদিনমানৰ পাচত মুম্বাই ঘুৰি যাবলৈ পৰামৰ্শ দিব পাৰে ৷ কিন্তু তেওঁ ভাৰতৰ এগৰাকী কন্যাক সন্মান জনাই নিৰাপত্তা দিলে৷ তেওঁ গৰ্ব আৰু আত্মসন্মানক মূল্য দিলে ৷ উল্লেখ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেগ কৰি তেওঁ এটা টুইট কৰিছিল কংগনাই ৷ তেওঁৰ দাবী, ৰনবীৰ সিং, ৰানবীৰ কাপুৰ, ভিকি কৌশল আদি কোকেইনত আসক্ত ৷ তেওঁলোকৰ তেজ পৰীক্ষা কৰা হওক ৷ কিছুদিনৰ আগতে এক সাক্ষাৎকাৰত কংগনাই দাবী কৰিছিল, বলীউডৰ ৯৯ শতাংশ অভিনেতা যিকোনোভাৱে মাদক দ্ৰব্য লৈছে৷ নাৰক’টিক্স কণ্ট্ৰল ব্যুৰই যদি কংগনাৰ সহায় বিচাৰে তেনে তেওঁ স্বইচ্ছাই তেওঁলোকক এই অন্ধকাৰ জগতৰ ক্ষেত্ৰত সহায় কৰিব ৷ তেওঁৰ দাবী, তেওঁ এই মহান কামটো কৰাৰ বাবে নিজকে সুৰক্ষিত বুলি নাভাবে ৷ তেওঁ নিৰাপত্তা বিচাৰে৷ কিন্তু মুম্বাই আৰক্ষীৰ ওপৰত তেওঁৰ ভৰসা হেৰাই গৈছে৷ তেওঁৰ প্ৰয়োজন কেন্দ্ৰ বা হিমাচল প্ৰদেশ চৰকাৰৰ পৰা সুৰক্ষা দিয়া হওক৷ তাৰ পাচতে একাধিক টুইটত তেওঁ মুম্বাই আৰক্ষীক নিন্দা কৰে৷ আনহাতে কংগনাৰ নাম ব্যৱহাৰ কৰি ‘‌আজাদি’ গ্ৰাফিটি তৈয়াৰ কৰিছিল মুম্বাইৰ পথত৷ সেই ছবি টুইটত প’ষ্ট হোৱাৰ দেখা গৈছিল মুম্বাই আৰক্ষীয়ে সেই প’ষ্টত লাইক কৰিছে ৷ ইয়াৰ পাচত সঞ্জয় ৰাউতে তেওঁক মুম্বাইলৈ যোৱাত নিষেধ কৰিছিল৷ তদুপৰি শিৱসেনাৰ বিধায়ক প্ৰতাপ ছৰনায়কে টুইট কৰি ভাবুকি দিছিল ৷

Leave A Reply