Breaking

ডিব্ৰুগড় দুৰদৰ্শনত ডিমৌৰ পুষ্পাঞ্জলী নাট্য গোষ্ঠীৰ ‘যশোদা’ নাটক সম্পচাৰ

0 2,064

সমাজত ঘটি থকা সন্ত্ৰাসবাদ, মদ ভাঙ, জোৱাৰ অপকাৰিতা, প্ৰদুষণ নিয়ন্ত্রণ কৰা, ডাইনী হত্যা, অন্ধ বিশ্বাস, তুলি লোৱা সন্তানক লৈ ভুল বুজা-বুজি আদি বিভিন্ন দিশ সামৰি অলপতে ডিব্ৰুগড় দুৰদৰ্শনত ডিমৌৰ অন্যতম পুষ্পাঞ্জলী নাট্য গোষ্ঠীৰ  ‘যশোদা’ নামৰ এখন ব্যতিক্রমী নাটক সম্পচাৰ হৈ যায়। নাট্যকৰ্মী অনু গোস্বামীৰ  ৰচিত আৰু জানমণি তামুলিৰ  পৰিচালনাত  সম্পচাৰিত হোৱা নাটখন চিত্র নাট্য সংলাপ দিয়ে ৰচয়িতা গৰাকীয়ে। বিশিষ্ট সমাজকৰ্মী প্ৰমোদ চন্দ্ৰ গোস্বামীৰ ব্যবস্থাপনাত ডিব্ৰুগড় দুৰদৰ্শনৰ কৰ্মকৰ্তা সকলৰ লগতে নাটখন প্ৰযোজনা কৰে মিনতি বড়া আৰু সম্পদনা কৰে চিত্তৰঞ্জন গগৈয়ে। নাটকখনত উপস্থাপন কৰা দেখা গৈছে যে, এটা সভ্ৰান্ত পৰিয়ালৰ পৰিবেশত থাকি এগৰাকী মহিলাই কেনেকৈ বিভিন্ন সমস্যাৰ হৈতে মোকাবিলা কৰি সমস্যা সমুহ সমাধান কৰিব পাৰে তাকে অনু গোস্বামীৰ অভিনয়ত ফুতাই তোলাৰ লগতে জানমণি তামুলী লগত  শাহু বোৱাৰী চৰিত্ৰও ফুতাই তুলিবলৈ প্ৰয়াস কৰিছে। এখন গাম্য জীৱনৰ খুহুতীয়া চৰিত্ৰত   সুন্দৰ ৰূপত অভিনয় কৰে ৰুমী গোস্বামীয়ে। নিজৰ সন্তানক আন এগৰাকী নি-সন্তান মহিলাক হাতত তুলি দি এক মানবীয়তা নিদর্শন অভিনয় যোগেদি দাঙী ধৰে বৰ্ণালী দেৱীয়ে। সমাজৰ পদুষণ মুক্ত কৰাত এগৰাকী নেপালী মহিলাৰ নিখুঁত অভিনয় কৰিছে বিশ্বৰূপা কোঁৱৰে। আটলান্টা কাকতি, গীতালী দেৱীৰ এৰাব নোৱাৰা বন্ধুত্ব, আশা কৰ্মী ৰূপত মীনাক্ষী খনিকৰৰ অভিনয় আৰু নেপথ্য শিল্পী দুলুমণি বৰদলৈ কণ্ঠই সকলোকে সন্মোহিত কৰে।  নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰে অনু গোস্বামী, জানমণি তামুলী, ৰুমি  গোস্বামী, বৰ্ণালী দেৱী, আটলান্টা কাকতি, গীতালী দেৱী, বিশ্বৰূপা কোঁৱৰ, মীনাক্ষী খনিকৰ আৰু দুলুমণি বৰদলৈয়ে। নাটকৰ শোভাযাত্রাত অভিনয় কৰে বিদ্যাৱতী চাংমাই,ৰিনা বিশ্বকৰ্মা, জিমি বৰুৱা, তাৰা চাহু,ফুলেশ্বৰী চাহু, মেঘালী দেৱী, বাচু চাহু, অনিতা চাহু, চান্তা চাহু, সবিতা চাহু আৰু বিচিত্রা দেৱীয়ে। এই নাটকখন উপভোগ কৰিব বিচৰা সকলে ইউ টিউবত ডিডি ডিব্ৰুগড় “যশোদা” চাৰ্চ কৰি চাব পাৰিব।

Leave A Reply