Breaking

ফিল’বাৰীত কানিসহ যুৱক আটক, দুজন পলাতক ।

0 562

দৈনন্দিন বাৰ্তাৰ সেৱা :

তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিক্ৰমজিৎ পেগুৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি আজি দুপৰীয়া ফিল’বাৰী অঞ্চলৰ আমগুৰি গাঁৱত কানি সহ এজন যুৱকক আটক কৰে । আটকাধীন যুৱকজন মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত  চাৰি মাইলৰ বিমল চেত্ৰী (২৬) বুলি জানিব পৰা গৈছে । যুৱকজনে ব্যৱহাৰ কৰা এ এছ ০১ এল চি ৩১৯৩  নম্বৰৰ এলট’ গাড়ীখনৰ লগতে  গাড়ীখনত অনা প্ৰায় এক কিলোগ্ৰাম পৰিমাণৰ কানি(আফিং) জব্দ কৰে । উল্লেখযোগ্য যে ধৃত যুৱকজনে ব্যবহাৰ কৰা গাড়ীখন গুৱাহাটীৰ জনৈক চৌধুৰীৰ নামত কামৰূপ মেট্ৰো জিলাত পঞ্জীয়ন আছে ।  আৰক্ষীয়ে আটক কৰা যুৱক বিমল ছেত্রীৰ  ভাষ্য অনুসৰি, ছেত্রীৰ মোমায়েকৰ পুতেক দীপক ছেত্রী সহ দুয়ো বাহনখনেৰে আহি স্থানীয় এজন যুৱকৰ সৈতে আলাপ হোৱাৰ পিছত ক্লেদময় পথেৰে যাত্ৰা কৰোঁতে বাহনখন বোকাত আবদ্ধ হৈ পৰে  আৰু  সেই সময়তে স্থানীয় যুৱক আৰু দীপকে  আৰক্ষী অহাৰ সম্ভেদ পাই দুয়ো পলায়ন কৰে । আৰক্ষীয়ে ইতিমধ্যে পলায়ন কৰা  দুই যুৱকৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে ।

Leave A Reply