Breaking

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই স্কুলীয়া ছাত্ৰীক মাৰপিট উদণ্ড যুৱকৰ! ক্ষুদ্ধ ছাত্ৰ ছাত্ৰীৰ থানাত উত্তাল প্ৰতিবাদ…

0 1,663

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী স্কুলীয়া ছাত্ৰীৰ শালীনতা হানি কৰা তিনি গৰাকী যুৱকক কৰায়ত্তৰ দাবীত আজি এইদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে থানা চৌহদত প্ৰতিবাদত সাব্যস্ত কৰে। গৌৰীপুৰ আৰক্ষী থানাৰ উত্তৰ গেৰামাৰীত অৱস্থিত
শংকৰ আজান মডেল হাইস্কুলৰ এগৰাকী ছাত্ৰীক স্থানীয় ইছলাম নামৰ এগৰাকী ছাত্ৰ‌ই প্ৰেমৰ প্ৰস্তাৱ দিছিল।কিন্তু ছাত্ৰী গৰাকীয়ে যুৱকজনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ছাত্ৰী গৰাকী ঘৰলৈ উভতি যোৱা সময়তে ইছলামে তেওঁৰ আন দুজন বন্ধু ক্ৰমে মণি আৰু ফাৰুকক লগতলৈ ছাত্ৰী গৰাকীৰ কাপোৰ কানি ছিঙি মাৰপিট কৰে।এনে অভিযোগ ভিত্তিত যোৱা ১৪আগষ্ট তাৰিখত ভুক্তভোগী পৰিয়ালে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।


কিন্তু ১১ টা দিন উকলি যোৱা সময়তো আৰক্ষীয়ে অভিযুক্ত তিনি গৰাকীক গ্ৰেপ্তাৰ নকৰাত আজি বিদ্যালয় খনৰ ক্ষুদ্ধ ছাত্র ছাত্ৰী সকলে অভিযুক্তক কৰায়ত্তৰ দাবীত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে।


ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ অসম আৰক্ষী হায় হায়,we Want Justice, আদি শ্লগানেৰে থানা চৌহদ উত্তাল কৰি তোলে।ছাত্র ছাত্ৰী সকলে জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতি বিচাৰি নাছোৰ বান্দা হৈ পৰে।পিছে আৰক্ষী থানা খনৰ অচিৰ অনুপস্থিতিত এগৰাকী আৰক্ষী বিষয়াই প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলক শান্ত কৰিবলৈ যত্ন কৰে যদিও গৌৰীপুৰ আৰক্ষীয়ে যোৱা ১১টা দিনে অভিযুক্তক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি ওলোটাই প্ৰশ্ন কৰে ছাত্ৰ ছাত্ৰী সকলে।

Leave A Reply