Breaking

টিংখাঙৰ তৰুণ কবি তথা সমাজকৰ্মী বিনিন্দ্ৰ গগৈৰ মৃত্যুত শোক

0 70

টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ তৰুণ কবি, বিশিষ্ট সমাজকৰ্মী তথা সৰবৰহী ব্যক্তি বিনিন্দ্ৰ গগৈ যোৱা নিশা প্ৰায় ১২.৩০নিজৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘ দিন ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা গগৈয়ে শেহতীয়াকৈ জ্বৰ কাহ আদি ৰোগতো আক্ৰান্ত হৈ স্বাস্থ্য ক্ৰমে অৱনতি ঘটে। মৃত্যুৰ সময়ত পত্নীসহ তিনি গৰাকী কন্যা, তিনি ভ্ৰাতৃ  আৰু অনেক আত্মীয় স্বজনক এৰি থৈ যায়। ছাত্ৰ অৱস্থাৰ পৰাই কাব্য চৰ্চা কৰা উপৰিও বিভিন্ন সময়ত সামাজিক কাম কাজত সক্ৰিয় ভাৱে জড়িত হৈ থকা গগৈয়ে  টিংখাং তেল পথাৰ জনস্বাৰ্থ সুৰক্ষা সমিতি, শালমাৰী দীঘলীয়া যুৱ সংঘ, গাওঁৰক্ষী বাহিনী, পথাৰ পৰিচালনা সমিতি আদি বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্বত থাকি  সংক্ৰিয় ভাৱে পৰিচালনা কৰিছিল। আনহাতে ৰাজনৈতিক ক্ষেত্ৰ lখনতো অসম গণ পৰিষদ দল শালমাৰী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে জাতীয় জীৱনলৈ সেৱা প্ৰদান কৰিছিল । তেওঁৰ মৃত্যুত স্থানীয় বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। 

Leave A Reply