Breaking

টীয়কত যুৱতী ধৰ্ষণ, অভিযুক্ত গ্ৰেপ্তাৰ

0 2,032

টীয়ক জগদুৱাৰ চাহ বাগিচাৰ দ্বীপজ্যোতি লোহাৰ নামৰ এজন যুৱকে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি  বাগিচাৰ  মানসিক ভাবে অসুস্থ এগৰাকী যুৱতীৰ লগত অপকৰ্মত লিপ্ত হোৱাত যুৱতী গৰাকী অন্ত:সত্তা হয় ।এই সন্দৰ্ভত যুৱতী গৰাকীক পৰিয়ালৰ লোকে সোধাপোচা কৰাত যুৱতী গৰাকীয়ে দ্বীপজ্যোতিৰ নাম কয় । এই সন্দৰ্ভত দেওবাৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে  সন্মীলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ উজনি অসমৰ টীয়ক আঞ্চলিকৰ বিষয়ববীয়া তুতুমনি হাজৰিকাক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাত জগদুৱাৰ বাগানৰ বজাৰ গৃহত এখন ৰাইজমেল অনুষ্ঠিত কৰে আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অভিযোগকাৰী যুৱকজনক সোধপোচ কৰাত যুৱকজনে যুৱতী গৰাকীৰ লগত যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে । ইফালে যুৱতী গৰাকীৰ পৰিয়ালে টীয়ক আৰক্ষী চকীৰ এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ধৃত দ্বীপজ্যোতিক আটক কৰে। অন্যহাতে ধৃত যুৱকজনে ঘটনাটোৰ লগত আন এজন যুৱকো জড়িত আছে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে যুৱকজনৰ ভাষ্যৰ সত্যতা কিমান তাৰ ওপৰত তদন্ত চলাই আছে । অন্যহাতে ধৃত যুৱক দ্বীপজ্যোতিক জেল প্ৰেৰণ কৰা গৈছে বুলি জানিব পৰা গৈছে।

Leave A Reply