Breaking

আপোনাৰ ক্ষুদ্ৰ প্ৰয়াসে বচাব পাৰে এগৰাকী চফল ডেকাক, জীৱনৰ কঠোৰ সময়ত পত্নী অনন্যাৰ ফেচবুকযোগে এটি নিবেদন

0 2,089

কোভিডত আক্ৰান্ত হোৱাৰ পিছত ফলাফল নিগেটিভ আহিলেও শৰীৰৰ বিশেষ ক্ষতি কৰি থৈ যায় কোৰোণাই। বিশেষকৈ ই হাঁওফাঁওক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। অসমৰ এগৰাকী চফল ডেকা সম্প্ৰতি পোষ্ট–কোভিডজনিত হাঁওফাঁওৰ সমস্যাত পৰি মৃত্যুৰে যুঁজি আছে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত। এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ অৰ্ণৱ কুমাৰ কাশ্যপ নামৰ যুৱকগৰাকীৰ পত্নী তথা এগৰাকী স্বাস্থ্য কৰ্মী অনন্যা বৰাই এটা ফেচবুক পোষ্টযোগে এই বিষয়ে সদৰী কৰি তেওঁৰ স্বামী অৰ্ণৱৰ আৰোগ্যৰ বাবে সকলো হৃদয়ৱান লোকলৈ জনাইছে এটা নিবেদন।

ফেচবুক পোষ্টটোত অনন্যাই উল্লেখ কৰে– ‘কেতিয়াও ভবা নাছিলোঁ আমাৰ জীৱনলৈ এনেকুৱা এটা দিন আহিব বুলি, মাত্ৰ এবছৰৰ আগত আমাৰ নতুন জীৱনটো আৰম্ভ কৰিছিলোঁহে অৰ্ণৱ আৰু মই। আন দিনৰ দৰেই আছিল ৩ মে’ৰ দিনটো, কিন্তু এখন CT scanৰ Reportএ অন্ধকাৰৰ মুখলৈ ঠেলি দিলে আমাক। reportৰ মতে অৰ্ণৱৰ হাঁওফাঁওত covid ৰ ফলত বহুখিনি infection (post covid lung fibrosis) হৈ আছে, আমাৰ মূৰত আকাশখনহে যেন খহি পৰিল। অলপো পলম নকৰি আমি তেওঁক গুৱাহাটীৰ GNRCৰ ICUত ৰখাৰ ব্যৱস্থা কৰিলোঁ। সম্পূৰ্ণ ১৬ দিন ICUত ৰখাৰ পাছতো তেওঁৰ স্বাস্থ্য ভাল নোহোৱাত চিকিৎসকৰ পৰামৰ্শ মতে শেষৰ ৪ দিন তেওঁক ভেন্টিলেচনত ৰখা হয়।য়াৰ পাছতো তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰে। শেষ উপায় হিচাপে ECMOৰ কথা চিকিৎসকে আমাক জনালে আৰু ই হৈছে যথেষ্ট ব্যয়বহুল, অসমৰ কেৱল মাত্ৰ Excel Careতহে এই সুবিধা উপলব্ধ। আমাৰ হাতত আৰু একো উপায় নাছিল, তেওঁক ঘূৰাই অনাৰ শেষ উপায় যিহেতু, অলপো সময় নষ্ট নকৰি আমি তেওঁক Excel Careলৈ নিবৰ বাবে সাজু কৰিলো, সেইটোও আছিল আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু সকলোৰে সহযোগত তেওঁক আমি ACLS ambulanceৰে ১৭ মে’ত Excel Careত ভৰ্তি কৰাওঁ। অৰ্ণৱৰ চিকিৎসা এতিয়া চলি আছে আৰু চিকিৎসকে কোৱা মতে এই চিকিৎসাত যথেষ্ট সময় লাগিব। আপোনালোকৰ আশীৰ্বাদ মোৰ এই জীৱনৰ কঠোৰ সময়ত বহুত প্ৰয়োজন আৰু আপোনালোকৰ অকণমান সহায়েৰে মই মোৰ যুদ্ধখন যুঁজাত যাতে সহায় হয় তাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰাৰ্থনা কৰিব যাতে মই মোৰ মানুহজনক সোঁ–শৰীৰে ঘৰলৈ ঘূৰাই আনিব পাৰোঁ।’অৰ্ণৱৰ জীৱনৰ বাবে প্ৰয়োজন আপোনাৰ আশীৰ্বাদ আৰু কিছু সহায়। আপুনি আগবঢ়াই দিয়া সহায়ৰ হাতখনিয়ে জীয়াই তুলিব পাৰে অৰ্ণৱক।

Account No: 0136104000193184
Account Holder Name: Ananya Borah
IFSC: IBKL0000136

Bank: IDBI
G Pay: 9954246915
UPI ID: borah.ananya@okicici

Leave A Reply