Breaking

বিয়া পাতিলে নেকি ইউটিউবাৰ ডিম্পু বৰুৱাই । দৰাৰ সাজত ডিম্পু।

0 315

বৰ্তমান সময়ত জনপ্ৰিয় ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হ’ল ডিম্পু বৰুৱা।  ইউটিউবৰ জৰিয়তে অসমবাসীৰ অতি আপোনা হৈ পৰিছে ডিম্পু বৰুৱা। ডিম্পুৰ প্ৰতিটো ভিডিঅ’তে এতিয়া লাখ লাখ ভিউজ। ডিম্পুৰ ভিডিঅ’ মানেই ভাইৰেল। কিন্তু এই সকলোবোৰৰ আঁৰত আছে ডিম্পুৰ বহু কষ্ট, অধ্যৱসায়, অসীম ধৈৰ্যশক্তি আৰু একাগ্ৰতা। ডিম্পুৱে নিজৰ ব্যতিক্ৰমী কামৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
সফল ইউটিউবাৰ ডিম্পুৱে ইতিমধ্যে কেইবাখনো দেশ ভ্ৰমণ কৰিছে। নলবাৰীৰ পৰা বিদেশলৈ গৈ বহুকেইবাৰ দৰ্শকক আমোদজনক ভিডিঅ’ বনাই গৈছে ডিম্পুৱে। শেহতীয়াকৈ লণ্ডনলৈ গৈ তাৰ পৰাও বিভিন্ন ভিডিঅ’ প্ৰস্তুত কৰিছে ইউটিউবাৰজনে। বহুজনে বহুবাৰ বিভিন্ন কথাত ডিম্পুক সমালোচনা কৰিছে যদিও হাৰ নামানি নিজৰ গন্তব্য পথত আগবাঢ়ি গৈছে। 

নিজৰ জনপ্ৰিয়তাৰ বাবে সততে চৰ্চাত থাকে ডিম্পু বৰুৱা। কিন্তু এইবাৰ ভিডিঅ’ নহয়, আন এটা কথাতহে চৰ্চালৈ আহিছে ডিম্পু। এইবাৰ দৰাৰ সাজত দেখা গৈছে ডিম্পু বৰুৱাক। দৰাৰ সাজ পিন্ধা এই ভিডিঅ’ ইতিমধ্যে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে ডিম্পুৱে। সঁচাই ডিম্পুৰ বিয়া নেকি? কইনা কোন?

আচলতে এয়া আছিল এক ফটোশ্বুটহে। ‘মমীজ ৱাৰ্ডড্ৰব’ নামৰ এটা প্ৰতিষ্ঠানৰ বাবে এক ফটোশ্বুট কৰিছিল ডিম্পুৱে। য’ত তেওঁক দেখা গৈছে দৰাৰ সাজত। কইনাৰ সাজত দেখা গৈছে এগৰাকী যুৱতীক। ডিম্পুৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত খুব পছন্দ কৰিছে ব্যৱহাৰকাৰীসকলে

Leave A Reply