Breaking

লণ্ডনত চিকাৰ কৰিবলৈ সাজু জুবিন গাৰ্গ…

0 122

লণ্ডনত চিকাৰ কৰিবলৈ সাজু জুবিন গাৰ্গ (প্ৰবন্ধ)

সুৰৰ ৰাগিতে মন মোহিত কৰা অসমৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্রব জুবিন গাৰ্গৰ আহি আছে চিকাৰ। মিছন চাইনা, কাঞ্চনজংঘা, ড°বেজবৰুৱা আদিৰ পিছত এইবাৰ জুবিনৰ নতুন ছবি চিকাৰ। এইবাৰ অলপ ব্যতিক্রমী ৰূপত জুবিন গাৰ্গ। চিকাৰত এজন অসমীয়া বাগানিয়া লৰাৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ। লগতে নায়িকাৰ ৰূপত আছে মন্ত্ৰী যোগেন মহনৰ কন্যা ধ্যানী মহন। ধ্যানী মহনৰ সৈতে জুবিন গাৰ্গে আৰম্ভ কৰিছে চিকাৰ।

লগতে বেহাৰবাৰীৰ আউটপোষ্টৰ কে.কে ৰূপে পৰিচিত সিদ্ধাৰ্থ শৰ্মাও কাম কৰিছে ইয়াত। এই ছবিখন পৰিচালনা কৰিছে জনপ্ৰিয় পৰিচালক দেবাংকৰ বৰগোহাঁইয়ে। সংগীত পৰিচালনা কৰিছে স্বয়ং জুবিন গাৰ্গে। ছবিখনৰ বাজেট হৈছে ২ কৌটিতকৈও অধিক। ইয়াৰ শ্বুটিং হৈছে অসমৰ ডিমা হাছাও, মৰাণ, ডিব্ৰুগড়ৰ লগতে বিদেশত অৰ্থাৎ লণ্ডনত।

বিগত কেইটামান দিনত মৰাণত শ্বুটিংত ব্যস্ত হৈ থকা দেখা গৈছে তেওঁক। ছবিখনৰ কাহিনীৰ সম্পৰ্কত তেওঁ কয় যে এজন অসমীয়া বাগানিয়া লৰাৰ অসমৰ পৰা আৰম্ভ হৈ লণ্ডনলৈ যাত্ৰাৰ এক কাহিনী। এই ছবিখনৰ ৩০ শতাংশ দৃশ্যগ্ৰহণ অসমত হোৱাৰ বিপৰীতে ৭০ শতাংশ দৃশ্যগ্ৰহণ হৈছে লণ্ডনত। সেয়েহে অতি শীঘ্ৰেই ছবিগৃহত শুভমুক্তি দিয়াৰ পৰিকল্পনা জুবিন গাৰ্গৰ। তেওঁৰ লগতে পত্নী গৰিমা শইকীয়া গার্গৰো দীৰ্ঘ আশা যে ৰাইজে মৰমেৰে আকোঁৱালি ল’ব এই ছবিখন। লাহে লাহে ইয়াৰ আপডেট জনাই যাব জুবিন গাৰ্গে।

  • সমুজ্জ্বল ডেকা, ৰঙিয়া
    (নিজ বড়িগোগ)
Leave A Reply