Breaking

সুস্থ হৈ আয়ুৰসুন্দ্ৰাৰ পৰা ঘৰলৈ উভতিল জুবিন গাৰ্গ

0 55

এতিয়াৰে পৰা দৈনিক GYMলৈ যাব জুবিনে । প্ৰতিদিনে JUICE খাম, নতুন অংগীকাৰ জুবিন গাৰ্গৰ । হাস্পতালৰ পৰা ওলায়েই জুবিন গাৰ্গৰ পণ । সুস্থ হৈ আয়ুৰসুন্দ্ৰাৰ পৰা ঘৰলৈ উভতিল জুবিন ।

সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। আজি আয়ূৰসুন্দ্ৰা হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব জুবিনক। আজি দিনৰ ১১.৩০ বজাত হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হ’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীক।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন ৰিজ’ৰ্টৰ বাথৰুমত পিছলি পৰি আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী। মূৰত আঘাত পাইছিল জুবিনে। ৫টাকৈ চিলাই পৰিছিল জুবিনৰ মূৰত। তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে জুবিনক এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ অনা হৈছিল। গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল জুবিন। বিশেষজ্ঞ চিকিৎসৰ চিকিৎসাৰ পিছত এতিয়া সুস্থ জুবিন। কিন্তু জুবিনক কিছুদিন জিৰণীৰ প্ৰয়োজন হ’ব।

Leave A Reply