আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফলত উজলিল কচুৱা জুনিয়ৰ কলেজ। ২০১০ চনতে স্থাপিত হোৱা কচুৱা অঞ্চলৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কচুৱা জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত শিক্ষাগুৰুৰ লগতে ছাত্ৰ ছাত্ৰী। কলেজৰ পৰা কলা আৰু বাণিজ্য শাখাত সৰ্বমুঠ ২৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল, ইয়াৰে দুয়োটা শাখাৰ পৰা ২৪৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়।
জানিব পৰা মতে কলা শাখাত ৬ গৰাকী ডিষ্টিংচন মাৰ্ক , ২৭ গৰাকী ষ্টাৰ মাৰ্ক,১০৮ গৰাকী প্ৰথম বিভাগ,১০৯ গৰাকী দ্বিতীয় বিভাগ আৰু ১৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ সমান্তৰালকৈ বাণিজ্য শাখাত এগৰাকী ডিষ্টিংচন মাৰ্ক, ৩ গৰাকী ষ্টাৰ মাৰ্ক, ৯ গৰাকী প্ৰথম বিভাগ আৰু ৪ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ কচুৱা জুনিয়ৰ কলেজলৈ সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰে সকলো।
ফলাফল লাভৰ পিছত কলেজত ফটকা ফুটাই আনন্দ উল্লাহ কৰা পৰিলক্ষিত হয়। ইপিনে ফলাফল লাভৰ পিছত কৃতি ছাত্ৰ-ছাত্ৰীয়ে কলেজখনত উপস্থিত হোৱাত ফুলাম গামোচাৰে আদৰণি জনায় কলেজ কতৃপৰ্ক্ষই।

