অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ

অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ।

শিৱসাগৰ নামতি দিকচু মাউট গাঁৱৰ বিউটি গগৈয়ে জুবিন গাৰ্গৰ গীতৰ কলি সম্বলিত গামোচা তাত শালত নিজ হাতে তৈয়াৰ কৰি আগবঢ়ালে জুবিন ক্ষেত্ৰত।

প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা শিল্পী গৰাকীৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ নিদৰ্শন স্বৰূপে তাঁতশালত বৈ উলিয়াইছে জুবিন গাৰ্গৰ ময় নথনকাৰ অনুভৱ শীৰ্ষক গীত সম্বলিত এই গামোচাখন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সামাজিক মাধ্যমত মহিলা গৰাকীৰ এই হস্তকলা দেখি এনেধৰণৰ গামোচা বিচাৰি তেওঁৰ সৈতে যোগাযোগ কৰাত তেওঁ বিচাৰি পাইছে স্বাৱলম্বনৰ নতুন পথ।

Related Articles