কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত ১ লাখ ফল-মূলৰ পুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

কামৰূপৰ কাহিকুছিস্থিত উন্নত প্ৰজাতিৰ উদ‍্যান শষ‍্যৰ উৎপাদন কেন্দ্ৰৰ চৌহদত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত “বীজ আৰু ৰোপণ সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ” কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই।

এই আদৰণীয় পদক্ষেপৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ এক অভিলাষী লক্ষ্য স্থিৰ কৰিছে। ফল-মূল আৰু নগদ শস্য উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে একেখন মাটিতে পৰিকল্পিতভাৱে সমান্তৰালভাৱে নাৰিকল, জালুক, আনাৰস আৰু ড্ৰেগন ফ্ৰুইট আদিৰ দৰে লাভজনক শস্যৰ মিশ্ৰিত খেতি (Multi-cropping) কৰিলে কৃষক পৰিয়ালসমূহৰ অৰ্থনৈতিক লাভালাভ বহুগুণে বৃদ্ধি পাব।

মন্ত্ৰী হাজৰীকাই ৰাজ্যৰ যুৱ প্ৰজন্মক কম দৰমহাৰ সাধাৰণ চাকৰিৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আকোৱালি ল’বলৈ এক সবল আহ্বান জনায়। কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্ৰৱ বা ম’বাইল টাৱাৰৰ বিকিৰণ আদিৰ দৰে অপ্ৰমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি যুৱ প্ৰজন্মক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহ্বান জনায়।


কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে যে সৰ্বাধিক খুচুৰা মূল্যতকৈ (MRP) অধিক দামত সাৰ বিক্ৰী কৰা বিক্ৰেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় খেতিয়কসকল যথেষ্ট উপকৃত হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি, পি.এম-কিষাণ (PM-KISAN) আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে কেন্দ্ৰীয় আঁচনিসমূহৰ সুবিধা যাতে অধিক সংখ্যক কৃষকে লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয়ভাৱে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰসাৰিত কৰাৰ দিশত কাম চলি থকা বুলি তেওঁ কয়। তেওঁ খেতিয়কসকলক কৃষি আন্তঃগাঁথনি পুঁজিৰ (Agri Infrastructure Fund) সুযোগ গ্ৰহণ কৰিবলৈকো আহ্বান জনায়।

দেশৰ বাণিজ্য ঘাটিৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৃহৎ আমদানি ব্যয় হ্ৰাস কৰাৰ স্বাৰ্থত থলুৱা খেতিয়কসকলক তৈলজাতীয় শস্য আৰু মাহজাতীয় শস্য উৎপাদনত মনোনিবেশ কৰিবলৈ অনুৰোধ জনায়। পেট্ৰ’লত ইথানল মিশ্ৰণক লৈ কিছুসংখ‍্যক ন‍্যষ্ট স্বাৰ্থৰ
ব‍্যক্তিয়ে অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে অপপ্ৰচাৰে কৃষকসকলৰ অৰ্থনৈতিক স্বাৰ্থতহে আঘাত হানিব।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰায় ১০০ গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফল-মূলৰ পুলি, মাটিমাহ আৰু মগু মাহৰ বীজ তথা স্প্ৰেয়িং মেচিন বিতৰণ কৰে।

আজিৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱা, উদ্যান কৃষি বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাসৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles