বৰ্তমানৰ প্ৰতিযোগিতামূলক কৰ্পোৰেট জগতত কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰৱণতা বাঢ়ি গৈছে। ইয়াৰ ফলত বহু লোকেই নিজৰ টোপনি, বিশ্ৰাম আৰু সামাজিক জীৱনক অৱহেলা কৰিবলগীয়া হৈছে। কিন্তু এই অন্তহীন দৌৰে মানুহক ক’লৈ লৈ গৈছে সেয়া লৈ এতিয়া চিন্তা আৰম্ভ হৈছে। শেহতীয়াকৈ আন্তৰ্জাতিক শ্ৰম সংস্থা (আইএলঅ’)ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে কৰ্মক্ষেত্ৰৰ মানসিক আৰু সামাজিক চাপৰ ফলত বিশ্বজুৰি অকাল মৃত্যুৰ ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে।
প্ৰতিবেদনখন অনুসৰি, কামৰ অতিৰিক্ত চাপ, দীৰ্ঘ সময় ধৰি কাম কৰা, চাকৰিৰ অনিশ্চয়তা, বৈষম্য আৰু কৰ্মক্ষেত্ৰত হাৰাশাস্তিৰ দৰে সমস্যাৰ বাবে বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছে। এই সংখ্যাটো প্ৰায় ৮,৪০,০৮৮ জনলৈ বৃদ্ধি হৈছে, যিয়ে এক গুৰুত্বপূৰ্ণ মানৱীয় সংকটৰ ইঙ্গিত দিয়ে। ইয়াৰ ফলত বিশ্ব অৰ্থনীতিতো বৃহৎ প্ৰভাৱ পৰিছে আৰু প্ৰতি বছৰে মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ১.৩৭ শতাংশ লোকচান হৈছে।আইএলঅ’ৰ তথ্য অনুসৰি, এই মৃত্যুৰ বেছিভাগেই হৃদৰোগৰ সৈতে জড়িত। কৰ্মক্ষেত্ৰৰ অতিমাত্ৰা চাপৰ ফলত ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ দৰে ৰোগত আক্ৰান্ত হৈ প্ৰায় ৭,৮৩,৬৯৪ জন লোকে প্ৰাণ হেৰুৱাইছে।
আনহাতে, মানসিক অৱসাদ বা ডিপ্ৰেচনৰ ফলত প্ৰায় ৫৬,৩৯৪ জন লোকৰ মৃত্যু হৈছে। কেৱল মৃত্যুই নহয়, এই মানসিক সমস্যাসমূহে বহু লোকৰ কৰ্মক্ষম জীৱনৰ মূল্যবান বছৰসমূহো কঢ়িয়াই লৈ গৈছে।প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে ত্ৰুটিপূৰ্ণ ব্যৱস্থাপনা, অতিৰিক্ত কামৰ বোজা, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত স্বাধীনতাৰ অভাৱ, দায়িত্বৰ অস্পষ্টতা আৰু পৰিশ্ৰমৰ তুলনাত উপযুক্ত দৰমহা বা স্বীকৃতি নোপোৱাটো কৰ্মচাৰীসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। এইবোৰ কাৰণেই বহু লোক মানসিকভাৱে ভাঙি পৰি স্বাস্থ্যজনিত জটিলতাৰ সন্মুখীন হৈছে।
বিশ্বজুৰি প্ৰায় ৩৫ শতাংশ কৰ্মচাৰীয়ে সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক সময় কাম কৰে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বিশেষজ্ঞসকলে সতর্ক কৰিছে। বিশেষকৈ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত পৰিস্থিতি অধিক চিন্তাজনক, য’ত প্ৰায় ৪৭ শতাংশ কৰ্মচাৰীয়ে এই সীমা অতিক্ৰম কৰে। ব্যক্তিগত আৰু অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ ওপৰত এই চাপ আটাইতকৈ বেছি।ইফালে, কৰ্মক্ষেত্ৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতনো এক ডাঙৰ সমস্যা হিচাপে ওলাই আহিছে। বিশ্বজুৰি প্ৰায় ২৩ শতাংশ কৰ্মচাৰী কোনো না কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে।
ইয়াৰে ভিতৰত ১৮ শতাংশই মানসিক, ৯ শতাংশই শাৰীৰিক আৰু ৬ শতাংশই যৌন নিৰ্যাতনৰ চিকাৰ হৈছে। বিশেষকৈ মহিলাসকল এই ক্ষেত্ৰত অধিক ভুক্তভোগী। এই প্ৰতিবেদনটোৱে স্পষ্ট কৰি দিয়ে যে কৰ্মক্ষেত্ৰৰ সুস্থ পৰিৱেশ নিশ্চিত কৰা এতিয়া এক জৰুৰী প্ৰয়োজন।

