চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক সম্বৰ্ধনা

চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

চাহ জনগোষ্ঠীৰ সাংস্কৃতিক বিকাশৰ লক্ষ্যৰে চাহ জনগোষ্ঠী সাংস্কৃতিক বিকাশ মঞ্চ, চাবুৱা–লাহোৱাল সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত ৩ দিনীয়া ঝুমুৰ নৃত্য আৰু ঢোল বাদন কৰ্মশালাৰ সৈতে সংগতি ৰাখি ড° দয়ানন্দ শ্বাহক এই সন্মান আগবঢ়োৱা হয়।

ইয়াৰ পূৰ্বে শিক্ষা, সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপে ‘শিক্ষা সৌৰভ’ বঁটা লাভ কৰি সন্মানিত হৈছিল ড° শ্বাহ। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত দিগ্‌দৰ্শন প্ৰকাশন গোষ্ঠীৰ ২৪সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত তেওঁ এই সন্মান গ্ৰহণ কৰে।

জ্ঞানৰ সাধনালৈ সন্মান, সমাজসেৱালৈ স্বীকৃতি—এই সন্মানে ড° দয়ানন্দ শ্বাহৰ শিক্ষা, সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰত আগন্তুক দিনৰ কৰ্মযাত্ৰালৈ নতুন প্ৰেৰণা কঢ়িয়াই আনিছে।

Related Articles