১৮ নৱেম্বৰত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অসম বাৰ্তাজীৱী সংঘৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু
বৰপেটা জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিৱেশনত সৰ্থেবাৰী স্থিত বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰীৰ ইংৰাজী বিষয়ৰ সহযোগী অধ্যাপক ও বোলছবি নিৰ্মাতা, পৰিচালক ড০ মুকুল কুমাৰ শৰ্মাৰ হৃদয় ভূচিত্ৰ- এ মেপ অব হাৰ্ট শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি খনে আমেৰিকাৰ সন্মানীয় আন্তৰ্জাতিক ইণ্ডিপেন্ডেন্ট ফিল্ম এৱাৰ্ডচৰ স্বৰ্ন পুৰস্কাৰ লাভ কৰাৰ বাবে তেখেতক সম্বৰ্ধনা জনোৱা হয়।যশস্বী সাংবাদিক ভাস্কৰ শৰ্মাই সভাপতিত্ব কৰা সভাখনৰ মঞ্চত সেই সময়ত উপবিষ্ট থাকে অসমৰ তিনিখন আগশাৰীৰ কাকতৰ সম্পাদক নৰেশ কলিতা, ফণীধৰ দাস, শ্ৰীযুত মুকুট ৰাজ শৰ্মা আৰু সংবাদিক পেঞ্চনাৰ মৃনাল মল্ল পাটোৱাৰী।
ড০ শৰ্মাই কৃতজ্ঞতা ভাষনত কয় যে তেওঁৰ পূৰ্ন দৈৰ্ঘৰ বোলছবি হৃদয় ভূচিত্ৰ- এ মেপ অব হাৰ্ট ক এনে অনুষ্ঠানত সন্মান যঁচা বাবে, আৰু বোলছবি খনৰ বিষয়ে যোৱা তিনি-চাৰি মাহে অসমৰ প্ৰত্যেকখন আগশাৰীৰ কাকতে সবিস্তাৰে বাতৰি প্ৰকাশ কৰি ইয়াৰ ভবিষ্যত উত্তৰনত বৰঙনি যোগোৱা বাবে তেওঁ চিৰ কৃতজ্ঞ। লিংগৰূপান্তৰকাৰী ব্যক্তিৰ দৰে স্পৰ্শ কাতৰ বিষয় উপস্থাপন কৰা বোলছবিখনে সংবাদসেৱী সকলক ‘তৃতীয় লিংগ’ শব্দটৌ এৰি লিংগৰূপান্তৰকাৰী শব্দটৌ ব্যৱহাৰ কৰাব পৰাৰ বাবে তেওঁ সুখী কাৰন ‘তৃতীয় লিংগ’ শব্দটোৱে এই সংখ্যালঘু সমুদায়টৌৰ আত্মসন্মানত আঘাত কৰে। সেয়েহে, সংবাদসেৱী সকল সজাগ হ’বৰ হ’ল। “মই নিজেই যিহেতু অসম চৰকাৰৰ লিংগৰূপান্তৰকাৰী ব্যক্তিৰ অধিকাৰ ও সুবিধা বিষয়ক সজাগতাৰ এজন সমল ব্যক্তি, আপোনালাকে কেতিয়াবা কৰ্মশালা পাতি মোক মাতিলে লিংগ সমতাৰ সজাগতাত সহায়ক হ’ব, কাৰন, কোনো সমুদায় সমাজিক ঘৃনাৰে পৰিব্যপ্ত সংখ্যা লঘু হলেও, আমি যদি কাকো আঘাত নকৰোঁ, সমাজ খন সমানে উন্নতি কৰি অসমখন এখন অতি উন্নত ৰাজ্য হোৱাৰ দিশে বাট মুকলি হ’ব, ” ড০ শৰ্মাই শেষত কয়।
পীতাম্বৰ প্ৰডাক্সনচৰ বেনাৰত নিৰ্মিত বোলছবিখনৰ চিত্ৰনাট্যকাৰ যুতীয়া ভাৱে ভাস্কৰজ্যোতি দাস আৰু ড০ শৰ্মা। এইখন প্ৰয়াত দাসৰ অন্তিম চিত্ৰনাট্য। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী এ প্ৰকাশ কৰা জনপ্ৰিয় উপন্যাসোপম জীৱনী গ্ৰন্থ হৃদয় ভূচিত্ৰৰ মূল প্ৰেমৰ কাহিনী ৰ ওপৰত বোলছবি খন আধাৰিত। বোলছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ আমন্ত্ৰিত হৈছে, লগতে দুদিনমান আগতে এই বোলছবিখনে অযোধ্যা আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈও বাছনি হৈছে। নিউ ফিল্ম মেকাৰ্চ নিউয়ৰ্ক আন্তৰ্জাতিক বোলছবি মহোৎসৱলৈও ই বাছনি হৈছে। ড০ শৰ্মা নলবাৰী চহৰৰ জাপাৰকুছিৰ বাসিন্দা আৰু, বোলছবিখনৰ ৭০% চিত্ৰগহন নলবাৰী জিলাত কৰা হৈছে।

