ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই

উত্তৰ অসমৰ অন্যতম অগ্রণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত মঙ্গলবাবে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। ঢোল-পেঁপাৰ মাতত কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত মঙ্গলবাবে অনুষ্ঠিত কৰা হয় ” বহাগী ৰং ” অনুষ্ঠান।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰা আৰু সমূহ প্ৰশিক্ষক কৰ্মচাৰী, প্ৰশিক্ষাৰ্থীৰ যৌথ প্ৰচেষ্টাত মঙ্গলবাবে অসমীয়া জাতীয় কৃষ্টি-সংস্কৃতিৰ স্বৰ্ণ ৰেখা স্বৰূপ বহাগ বিহুৰ স্বকীয়তা অনুৰণিত কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা হয় এই “বহাগী ৰং” নামেৰে এক বৰ্ণিল অনুষ্ঠান । পুৱা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সমূহ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী জাতীয় সাজ-সজ্জাৰে সমুজ্জ্বল হৈ সমবেত হোৱা মহাবিদ্যালয় প্ৰাংগণত আয়োজিত মনোজ্ঞ আৰু দৃষ্টিনন্দন সাংস্কৃতিক কাৰ্যসূচী “বহাগী ৰং” অনুষ্ঠানটো শুভাৰম্ভ কৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দুলু শইকীয়াই ।

অসমীয়া জাতিৰ স্বকীয় কৃষ্টি সংস্কৃতি,পৰম্পৰাৰ পৰিৱৰ্তন আৰু বিৱৰ্তনৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই দুলু শইকীয়াই পৰিৱৰ্তন আৰু পশ্চিমীয়া সংস্কৃতিৰ কৰাল গ্ৰাসৰ পৰা আমাৰ জাতীয় কৃষ্টি, সংস্কৃতিক নিলগাই ৰাখিব নোৱাৰিলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কৈ সমাজ সভ্যতাৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ শিক্ষক প্ৰশিক্ষাৰ্থী সকলৰ এই ক্ষেত্ৰত কৰণীয়তা অধিক বুলি মন্তব্য কৰি বিদ্যায়তনিক ব্যস্ততাৰ মাজতে জাতীয় লোক বাদ্য , লোক সংগীত চৰ্চা অব্যাহত ৰখাৰ বাবেও প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতি শইকীয়াই আহ্বান জনায় ।

মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ চচাইটিৰ সভাপতি ভোলানাথ গগৈ. পূৰ্ণ লাহন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰাই উদ্ধোধন কৰা পৰম্পৰাগত লোক কৃষ্টি সংস্কৃতিৰ কার্যক্রমণিকাৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰশিক্ষক, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থীসকলো একত্ৰিত হৈ অনুষ্ঠিত কৰে মুকলি বিহু ৷ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্ৰাক্তন প্ৰশিক্ষাৰ্থী, শিক্ষানুৰাগী ৰাইজেও স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰি অনুষ্ঠানটো অধিক সফল, সর্বাংগ সুন্দৰ আৰু জীপাল কৰি তোলে।

Related Articles