Breaking

দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকৰ দুদিনীয়া কৰ্মশালাৰ সফল সামৰণি।কৰ্মশালাৰ অন্তত প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান…

0 68

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ়লৈ উঠা দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কায্যালয়ত শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় যুৱ সাংবাদিকতা সন্দৰ্ভত এক কৰ্মশালা।

প্ৰথম দিনা পুৱা বন্তিপ্ৰজলনেৰে আৰম্ভ হোৱা কৰ্মশালা অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে দ্য আসাম ট্ৰিবিউনৰ কাৰ্য্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা। কৰ্মশালাত অংশ লৈ জেষ্ঠ সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যমৰ নীতিগত কথা, প্ৰয়োগ আৰু বাস্তব ধৰ্মীতাৰ বিস্তৃতি মন্তব্য আগবঢ়ায়,আৰু লগতে কয় যে প্ৰতিটো বিষয় সন্দৰ্ভত জ্ঞান আহৰণ কৰি সেইবোৰ সঠিকভাৱে উপস্থাপন কৰাটোৱেই এগৰাকী সাংবাদিকৰ দায়িত্ব হোৱা উচিত ৷

আনহাতে, জনগণৰ সমস্যা, অভাৱ-অভিযোগ চৰকাৰৰ দৃষ্টিত আনিবৰ বাবেই প্ৰয়োজন হয় প্ৰচুৰ অধ্যয়নৰ ৷কাৰণ, অধ্যয়ন অবিহনে সুস্থ সাংবাদিকতা কেতিয়াও সম্ভৱ নহয়৷প্ৰতিদিন টাইমৰ জেষ্ঠ্য সাংবাদিক প্ৰাঞ্জিত নেওঁগে আঁত ধৰা অনুষ্ঠানটোত কেইবাজনো অভিজ্ঞতা সম্পন্ন জেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তা উপস্থিত থাকি সংবাদমাধ্যমৰ গুণগত মানদণ্ডৰ ওপৰত বিস্তৃত ভাৱে পাঠদান আগবঢ়াই।

শেষত নিউ মিডিয়াৰ সম্ভাৱনা, ইয়াৰ ভৱিষ্যত আৰু প্ৰত্যাহ্বান সম্পৰ্কত পাঠদান আগবঢ়ায় জেষ্ঠ্য সাংবাদিক নৱ ঠাকুৰীয়ায় কয় যে সাংবাদিকসকলে সত্যনিষ্ঠ সাংবাদিকতাৰ পথ অনুসৰণ কৰা উচিত। তথ্যৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰাটো প্ৰকৃত সাংবাদিকৰ ধৰ্ম নহয়।

দ্বিতীয় দিনা অনুষ্ঠানৰ আঁত ধৰি দৈনন্দিন বাৰ্তাৰ ডিজিটেল সংস্কৰণ ডিবি নিউজৰ মেনেজিং এডিটৰ নৱজ্যোতি কলিতাই নিউ মিডিয়াৰ সম্পৰ্কত কয় তথ্য প্ৰযুক্তিৰ উন্নতিৰ লগে লগে সাংবাদিকতাই নতুন ৰূপত অগ্ৰসৰ হ’বলৈ লৈছে। আমাৰ বহুতে পোৰ্টেলজাতীয় সাংবাদিকতাক স্বীকৃতি দিব নোখোজে যদিও সেইসমূহকো উলাই কৰিব পৰা বিধৰ নহয়।

লগতে নিজৰ অভিজ্ঞতা সন্দৰ্ভত অডিঅ’-ভিজুৱেল পদ্ধতিৰে প্ৰশিক্ষাৰ্থীসকলক পাঠদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মতামত আগবঢ়োৱাৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰা সংবাদদাতা সকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে।

ইয়াৰ পাছতেই দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক দিম্পুল চুতীয়াই কৰ্মশালাৰ পাঠদানৰ আঁত ধৰি বাতৰি কাকতলৈ মফচল অঞ্চলৰ সাংবাদিকে গ্ৰামাঞ্চলৰ বিভিন্ন সমস্যা সম্পৰ্কে বাতৰি কেনেধৰণে সংগ্ৰহ কৰে লগতে ভিডিঅ কেমেৰা, মোবাইল কেমেৰাৰে একোটা ভিডিঅ বাতৰি টিভিৰ বাবে কি দৰে প্ৰস্তুত কৰিব পৰা যায় সেই সন্দৰ্ভত লগতে সাংবাদ তথ্যৰ ওপৰত আধাৰিত আৰু প্ৰমাণৰ সৈতে সমৰ্থিত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰত প্ৰতিবেদন প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য সম্পৰ্কে বৃষ্টিত বক্তব্য আগবঢ়োৱাৰ সমান্তৰাল কৈ ভিডিও এডিতিং, গ্ৰাফিক্স ডিজাইন, ৰিপৰ্টিং, ফটো গ্ৰাফি,ভিদিঅ গ্ৰাফি ইত্যাদি বিষয় সমূহৰ বৃষ্টিত মন্তব্য আগবঢ়ায়।

শেষত কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ বক্তব্য ৰাখি দৈনন্দিন বাৰ্তাৰ স্বতাধিকাৰী শংকৰ গোহাঁইয়ে সাংবাদিক সকলে কৰ্মশালাৰ জৰিয়তে কেনেদৰে উপকৃত হ’ব পাৰি আৰু এটা সংবাদ গোষ্ঠী জীয়ায় ৰাখিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগে সেই সম্পৰ্কত মতামত আগ বঢ়ায়। উল্লেখ্য যে দুদিনিয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো সাংবাদিকে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সফল ভাৱে সমাপণ হোৱাত অৰিহণা যোগায়।

অন্তিম পয্যায়ত কৰ্মশালাত অংশগ্ৰহণ কৰা সাংবাদদাতা সকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। প্ৰমাণ পত্ৰ পবিতৰণ কৰে দ্য আসাম ৰাইজিংঅৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভতাচ্যায্যয়।

কৰ্মশালাত অংশগ্ৰহণ কৰি কৰি সংবাদ দাতা সকলে বহুতো নতুনত্ব জ্ঞান অৰ্জন কৰিব পৰিলোঁ বুলি মত পোষণ কৰে।

Leave A Reply