Breaking

দৰং কলেজত অঘটন! নামভৰ্তি কৰিবলৈ আহি ছাত্ৰৰ মৃত্যু…

0 2,132

দৰং মহাবিদ্যালয়ত অঘটন। নামভৰ্তিৰ আহি মৃত্যু হ’ল এগৰাকী মেধাৱী ছাত্ৰৰ। উত্তৰ পাৰৰ নালান্দাখ্যাত দৰং মহাবিদ্যালয়ৰ কলা শাখাৰ বিভিন্ন বিভাগৰ মুঠ ৮২০ খন আসনৰ বাবে আজি অনুষ্ঠিত হৈছিল নামভৰ্তি। এই নামভৰ্তিৰ বাবেই আহিছিল তেজপুৰৰ ভাৰ্গৱজ্যোতি বৰা নামৰ মেধাৱী শিক্ষাৰ্থীজন। কিন্তু নামভৰ্তিৰ বাবে সমাগম হোৱা দৰং মহাবিদ্যালয়ৰ অডিটৰিয়ামত হঠাৎ অসুস্থ হৈ পৰে ভাৰ্গৱ। ইয়াৰ পিছতে তেওঁ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে অত্যাধিক গৰমৰ বাবেই মৃত্যু হ’ল ভাৰ্গৱৰ।

মুঠ ৮২০ খন আসনৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই ২০০০ শিক্ষাৰ্থীৰ এক তালিকা প্ৰকাশ কৰিছিল। সেই অনুসৰি ২০০০ শিক্ষাৰ্থী নামভৰ্তি কৰিবলৈ মহাবিদ্যালয়খনৰ অডিটৰিয়ামত উপস্থিত হৈছিল। শিক্ষাৰ্থীসকলৰ লগত আছিল তেওঁলোকৰ অভিভাৱকো। দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মতে অডিটৰিয়ামটো ১০০০ শিক্ষাৰ্থীৰ বাবেহে। কিন্তু এই অডিটৰিয়ামত ২০০০ শিক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱকসহ প্ৰায় ৪ হাজাৰৰো অধিক লোকৰ সমাগম হয়। ফলত অত্যাধিক গৰম সহিব নোৱাৰি অচেতন হৈ পৰে ভাৰ্গৱ। ইয়াৰ পিছতে তেওঁৰ মৃত্যু হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰতে সৃষ্টি হৈছে চাঞ্চল্য। বহুতেই প্ৰশ্ন কৰিছে উৎকট গৰমত এটা অডিটৰিয়ামত কিয় ইমান লোকৰ সমাগম হ’বলৈ দিলে মহাবিদ্যালয় কৰ্তৃপক্ষই?

Leave A Reply