Breaking

নকচু খানৰ হত্যাকাণ্ডত জড়িত দুজনক জে’ললৈ প্ৰেৰণ

0 392

ধনশিৰি

লকডাউনৰ মাজতে যোৱা ১১ মেত সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ মূখ্য পথৰ কাষতে  চাৰি পাচ জনীয়া  দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান(৩১) নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে নকচু খানৰ ভাতৃ আককবৰ খান (২৮) গুৰুতৰভাৱে আহত হৈছিল৷ নকচু খানৰ পত্নী চৱনম খানে সৰুপথাৰ থানাত এক গোচৰ দিয়ে৷ আৰক্ষীয়ে চবনম খানৰ গোচৰৰ ভিত্তিত  হত্যাকাণ্ডত জড়িত থকা চঞ্জু আলী আৰু ইমৰান হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে   ৬০/২০২০ নম্বৰত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত ৩২৬/৩০৭/৩৪ নং গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷অন্যহাতে মৃত নকচু খানৰ জ্যেষ্ঠ ভাতৃ আচোম খানেও নকচু খানক হত্যা কৰা  আৰু আকবৰ খানক হত্যাৰ চেষ্টা চলোৱাৰ বাবে   সৰুপথাৰ থানাত সঞ্জু আলী, ৰৌজ আলী, ৰিয়াজ আলী, চিৰাজ আলী আৰু দুজন অচিনাক্ত লোকৰ বিৰুদ্ধে এক গোচৰ দিয়ে৷ আৰক্ষীয়েও  হত্যাকাণ্ডটোত জড়িত থকা ৰৌজ আলী, চিৰাজ আলী, ৰিয়াজ আলী, চঞ্জু আলীৰ  বিৰুদ্ধে আৰু  আন দুজন অচিনাক্ত দূৰ্বিত্তৰ বিৰুদ্ধে  গোচৰ নং ৬১/২০২০/ ইউ এছ  ৩২৬/৩০৭/৩০২ নং ভাৰতীয় দণ্ডাবীধি আইনৰ অধিনত আন এক গোচৰ ৰুজু কৰি হত্যাকাৰী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লাগিছে৷দূৰ্বৃত্তৰ দলটোৰ আক্ৰমণত নিহত হোৱা নকচু খানৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰি নিজ গৃহলৈ অনা হয় লগতে নকচু ভাতৃ আকবৰ খানকো গোলাঘাট কুশল কোৱঁৰ অসামৰিক চিকিৎসালত চিকিৎসকে চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰ৷ সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে হত্যাকাণ্ড সংঘটিত হোৱা এই নাৰকীয় ঘটনাক আমছুৰ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে এই হত্যাকাণ্ডত জড়িত সকলো লোককে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷

Leave A Reply