গ্ৰাম্যাঞ্চলত বিশুদ্ধ খোৱাপানী প্ৰদান কাৰ্যসূচী শক্তিশালী কৰা তথা দীৰ্ঘম্যাদী জল সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা আজিৰ পৰা ২ ছেপ্টেম্বৰলৈ নতুন দিল্লীৰ চানক্যপুৰীস্থিত সুষমা স্বৰাজ ভবনত উক্ত বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ সন্মিলনৰ আয়োজন কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক একত্ৰিত কৰি জল সুৰক্ষা আৰু জল সেৱা প্ৰদানৰ এই প্ৰচেষ্টাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী সকলৰ অংশগ্ৰহণৰ লগতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ জৰিয়তে এক অৰ্থপূৰ্ণ আলোচনাৰ সুবিধা প্ৰদান কৰা আৰু দেশজুৰি সন্মূখীন হোৱা মূল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ লগতে বহনক্ষম পানী ব্যৱস্থাপনা ত্বৰান্বিত কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰনত গুৰুত্বআৰোপ কৰা হ’ব।
ভাৰতবৰ্ষৰ জল খণ্ডক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত সন্মিলনত অহাকালি অৰ্থাৎ দ্বিতীয় দিনাৰ কাৰ্যসূচীত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱেও অংশগ্ৰহণ কৰিব । আশা কৰা হৈছে এই সন্মিলনৰ জৰিয়তে বিভিন্ন উদ্ভাৱনীমূলক সমাধানৰ মত বিনিময়েৰে দেশৰ গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী প্ৰদানৰ সেৱাই এক নতুন মাত্রা লাভ কৰিব।

