Breaking

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।

0 73

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন । আজি ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা নলবাৰীলৈ অনাৰ লগে লগেই শোকাভূত হৈ পৰে নলবাৰীৰ ৰাইজ । গুৱাহাটীৰ পৰা অহাৰ পথত ৰঙীয়া আৰু উদিয়ানাত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছত নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষত থকা ফাৰ্ম হাউচ তথা নতুনকৈ নিৰ্মাণ কৰা বাসগৃহত ক্ষন্তেক সময় ৰখোৱাৰ পিছত নিজে গঢ়া নলবাৰী জিলা উপযুক্ত কাৰ্যালয়ত এইদৰে প্ৰশাসনৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ১৯৮৫ চনৰ ১৪ আগষ্ট তাৰিখে ভূমিধৰ বৰ্মনে নিজে মুকলি কৰিছিল এইটো নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয় । আৰু আজি উপায়ুক্ত পুৰবী কোঁৱৰে এইদৰে ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । উপায়ুক্তৰ কাৰ্যালয়তে বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বৰেণ্য ৰাজনীতিবিদ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃতদেহত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । একেদৰে নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীব ভৱনত কংগ্ৰেছ কৰ্মী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে । ইয়াৰ পিছতেই নলবাৰীৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ বাসগৃহত ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ কিছু সময় ৰখাৰ পিছত নিজ জন্ম গাও বেলশৰলৈ অনা হয় ।

Leave A Reply