নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজা গাওঁত উদযাপিত পৰম্পৰাগত ভঠেলি উৎসৱক লৈ প্ৰতি বছৰে অঞ্চলটোত এক উখল-মাখল আধ্যত্মিক পৰিৱেশ সূচনা হয়। উল্লেখ্য যে অতীজৰে পৰা প্ৰচলিত ভঠেলি উৎসৱত দুডাল বাঁহক ধুনীয়াকৈ ৰূপসজ্জাৰে সজাই-পৰাই গামোছা, মালা পিন্ধাই, চাৰি পাঁচবিধ ৰঙৰ কাপোৰ মেৰিয়াই সজাই পৰাই পূজা অৰ্চনা কৰি এই সাংস্কৃতিক পৰম্পৰাটি শ-শ বছৰ ধৰি গাওঁ দুখনত উদযাপিত হৈ আহিছে। এই উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে “দৰা-কইনা”ৰ পৰম্পৰা। অসমীয়া সমাজ জীৱনৰ বিবাহ উৎসৱৰ দৰেই এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে। আৰিকুছি গাঁৱৰ পৰা “দৰা” আৰু বনমাজা গাঁৱৰ পৰা “কইনা” উলিয়াই অনা এই ভঠেলি উৎসৱ এক প্রতীকী বিবাহ-অনুষ্ঠান। এই উৎসৱক লৈ অঞ্চলটোত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকেৰে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হয়।

