Breaking

বজালী কাণ্ডৰ ধন ওলাল নলবাৰীত ! আইডিৰ উদ্ধাৰ ১৫ লাখ টকা…

0 3,246

বজালীৰ চুপাৰি কাণ্ডৰ ঘটনাই আৰক্ষী বিভাগটোক লজ্জানিত কৰাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হয় নগদ ১৫ লাখ টকা। বজালীৰ আৰক্ষী অধীক্ষক, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক সহ একাংশ বিষয়া কৰ্মচাৰীয়ে চুপাৰি ব্যৱসায়ী ৰবিউল ইছলাম ওৰফে ৰুবেলক ৫ কোটি টকা দাবী কৰিছিল। আনকি তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱালে স্বামী ববী সিং শৰ্মা ওৰফে সুভাষ চান্দক এনকাউন্টাৰ স্পেশিয়েলিষ্ট বুলি পৰিচয় কৰাই এক প্ৰকাৰ ধন আদায় নিদিলে গুলীয়াই মৰাৰ ভাবুকি দিছিল চুপাৰি ব্যৱসায়ী গৰাকীক। গোচৰ অবিহনে ৰবিউল ইছলামক লক্ আপত ৰাখি অত্যাচাৰ কৰিছিল এই আৰক্ষীৰ দলে। অবশেষত উপায় নাপাই ব্যৱসায়ী গৰাকী চিআইডিৰ কাষ চাপি অভিযোগ দাখল কৰে।

চিআইডিয়ে তদন্ত কৰি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱাল, উপ আৰক্ষী অধীক্ষক পুস্কল গগৈ, উপ পৰিদৰ্শক দেৱজিত গিৰি, চালকদ্বয় দীপজয় ৰয় আৰু নবিৰ আহমেদ, গায়ত্ৰী সোনোৱালৰ স্বামী ববী সিং শৰ্মা আৰু তেওঁৰ দালাল সৰুপেটাৰ কিশোৰ কুমাৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে। আনহাতে নলবাৰীৰ ঘগ্ৰাপাৰত নগদ ধন উদ্ধাৰ হোৱা ঘটনাক এই পৰ্যন্ত আনুষ্ঠানিক ভাবে চিআইডিয়ে সদৰি কৰা নাই যদিও গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এখন মোনাত ৰাখি থোৱা অবস্থাত এক গোপন স্হানৰ পৰা ধনৰাশি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চৰকাৰী বেতন তথা অন্যান্য সা-সুবিধাৰে পেট নভৰা খকুৱা আৰক্ষীৰ দলটোৱে সমগ্ৰ বিভাগটোক লজ্জানিত কৰা কাৰ্যক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ জনসাধাৰণে আৰক্ষীক আহ্বান জনাইছে।

Leave A Reply