Breaking

বনকৰা মহিলাক অত্যাচাৰ উচ্চ পদস্হ আৰক্ষী বিষয়াৰ। নিলম্বিত হ’ল অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত…

0 234

ক্ষমতাৰ ৰাগীত বলিয়ান হৈ বনকৰা মহিলাক অমানুষিক অত্যাচাৰ কৰি নিলম্বিত হয় শুভলক্ষ্মী দত্ত। নিজৰ আবাসত বনকৰা মহিলা অনিমা প্ৰজাক গৰম পানী ঢালি, গোপন অংগত জলকীয়া সানি আসুৰিক আনন্দত মতলীয়া চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক আজি গৃহ বিভাগে নিলম্বন কৰে। গৃহ বিভাগৰ সচিব বিশ্বজিত পেগুৱে স্বাক্ষৰ কৰে নিলম্বনৰ নিৰ্দেশত। উল্লেখযোগ্য যে নিৰ্যাতিতা মহিলা গৰাকীৰ এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ সাহস গোটাব পৰা নাছিল।

আৰক্ষীৰ সঞ্চালকপ্ৰধান জিশপি সিঙৰ টুইটৰ পিছত নাজিৰা আদৰ্শ থানাই ৩৬/২০২৩ নম্বৰত গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় যদিও দত্তক বিচাৰি নোপোৱাৰ অজুহাতত গ্ৰেপ্তাৰ কৰা নাছিল। আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে উঠা একাধিক অভিযোগৰ লগতে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই নিলম্বন নকৰাকৈ আৰক্ষী সঞ্চালকপ্ৰধানে ঘোষনা কৰা তদন্তক এক হাস্যকৰ আখ্যা দিছিল। অবশেষত শুভলক্ষ্মী দত্তক আজি চৰকাৰৰ গৃহ বিভাগে নিলম্বন কৰে।​

Leave A Reply