Breaking

ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ ‘মিধিলি’অসমত কি প্ৰভাৱ পৰিব‘মিধিলি’ৰ ?

0 43

ঘূৰ্ণীবতাহৰ নাম ‘মিধিলি’। নাম দিছে মলদ্বীপে। ক্ৰমশঃ ই ওড়িশা আৰু বংগ উপকূলৰ ওচৰলৈ আহি আছে। দিঘাৰ পৰা দূৰত্ব ২০০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূব দিশে। ইয়াৰ প্ৰভাৱত আজি, শুকুৰবাৰে প্ৰবল বৰষুণ হব পাৰে উপকূল অঞ্চলত। পাতল-মজলীয়া বৰষুণৰ পূৰ্বানুমান জাৰি কৰিছে কলকাতাসহ দক্ষিণ বংগৰ কিছু জিলাত।

উপকূলত ৬০ৰ পৰা ৭০ কিলোমিটাৰ প্ৰতিঘণ্টাত গতিবেগত চলিব বতাহ। বংগোপ সাগৰৰ অতি গভীৰ নিম্নচাপ আজি ঘূৰ্ণীবতাহত পৰিণত হ’ব। পশ্চিম-মধ্য বংগোপসাগৰ পাৰ হৈ ই ক্ৰমশঃ উত্তৰ-পশ্চিম বংগোপসাগৰত সোমাই পৰিছে। গতি কৰিছে উত্তৰ-উত্তৰ পূব দিশে। তাৰ পিছত উকূলৰ লগতে উত্তৰ আৰু উত্তৰ-পূব দিশ অৰ্থাৎ বাংলাদেশৰ দিশে আগুৱাব। শুকুৰবাৰে নিশা অথবা শনিবাৰে পুৱাৰ ভাগত ই বাংলাদেশৰ সুন্দৰবন অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে

Leave A Reply