Breaking

ভোট গণনাৰ এজেন্টৰ কোভিড পৰীক্ষা বাধ্যতামূলক

0 2,011

অহা ২ মে’ত অনুষ্ঠিত হবলগীয়া ভোট গণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ লগতে ইয়াত উপস্থিত থাকিবলগীয়া প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ এজেন্ট সকলৰো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ভোট গণনা সম্পৰ্কে আলোচনাৰ বাবে সকলো প্ৰতিদ্বন্দ্বী প‌্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এখন সভাত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কোৱা হয় যে ৰাজ্য খনত কোভিড পৰিস্থিতিৰ পুণৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা মূলক ব্যৱস্থা হিচাপে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ এজেন্ট সকলৰ কৰোনা পৰীক্ষা অহা ২৭ এপ্ৰিলত বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত কৰোৱা হ’ব। তদুপৰি গণনা কক্ষ সমূহত সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে যথাসম্ভৱ সামাজিক দূৰত্ব বৰ্তাই ৰখা, গণনা কক্ষ সমূহ ছেনিটাইজ কৰা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। সভাত বৰপেটা জিলাৰ ছটা সমষ্টিৰে প্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধি উপস্থিত থাকে। সভাৰ অন্তত কালি মৃত্যু মুখত পৰা প্ৰাক্তন মন্ত্ৰী ডা ভূমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সকলোৱে এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।

Leave A Reply