Breaking

শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা

0 25

ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান, খেল -ধেমালিৰ মাজেৰে উদযাপিত হৈছে হেঁপাহৰ বসন্ত উৎসৱটি। একেদৰে মানুহ বিহুৰ দিনা শিলিখাগুৰি গাঁৱৰ লগতে চুবুৰীয়া গাঁও মেৰবিলৰ যুবকসকলেও পৰম্পৰাগত বোকাখেলত ভাগ লোৱা দেখা যায়। অন্যহাতে বিগত বৰ্ষৰ দৰে এইবছৰো মাজুলী জিলাৰ শিলিখাগুৰি খেল পথাৰত মিলিজুলি ক্ৰিকেট ক্লাবৰ সৌজন্যত আন্তঃমাজুলী ভিত্তিত আয়োজন কৰা হৈছে এখনি প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতাৰ। আজিৰে পৰা আৰম্ভ হোৱা খেলখনিৰ পতাকা উত্তোলন কৰে পদ্মশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন হাজৰিকাই। বিয়লি প্ৰায় ১ বজাত আৰম্ভ হোৱা প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাই। বোকাজান ক্ৰিকেট ক্লাব আৰু নিকিনিখোৱা ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলৰ পিছতে মাজুলীৰ বিভিন্ন ঠাইৰ কেইবাটাও ক্ৰিকেট ক্লাবে যোগদান কৰে । ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া খেলকখনিৰ মুঠ প্ৰাইজমানি ১০,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । প্ৰতিযোগিাখনৰ সফল সামৰণিৰ হেতু মিলিজুলি ক্ৰিকেট ক্লাবৰ সভাপতি আৰু সম্পাদকদ্বয়ে ক্ৰিয়াপ্ৰেমী আৰু অঞ্চলাবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

Leave A Reply