শ্বিলঙত উত্তপ্ত পৰিস্থিতি।
শ্বিলঙত অসমৰ পৰ্যটকৰ বাহনৰ ওপৰত আক্ৰমণ খাচী ছাত্ৰ সন্থাৰ।
খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে শ্বিলঙত উত্তপ্ত পৰিস্থিতি।
চৰকাৰৰ বিৰুদ্ধে ৫টা দাবীৰে প্ৰতিবাদ চলাইছিল সংগঠনটোৱে।
দুর্নীতি-স্বজন তোষণৰ বিৰুদ্ধে প্রতিবাদ কেইবাখনো বাহনত অগ্নিসংযোগ প্রতিবাদকাৰীৰ।
খাচী ছাত্ৰ সন্থাৰ আক্ৰমণৰ পৰা সাৰি নগ’ল অসমৰ বাহন।
স্বামী বিবেকানন্দ আৰু নেতাজীৰ মূৰ্তিতো আক্ৰমণ দুষ্কৃতিকাৰীৰ।
আজিৰে পৰা মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খাচী ছাত্ৰ সন্থাৰ সভাপতি ৰেইমন খাৰজানা, সাধাৰণ সম্পাদক ৰিউবেন নাজিয়াৰ আৰু উপ-সভাপতি পিংক মেলাঙক।

