Breaking

১২ কাৰ্টুন নিচাযুক্ত ঔষধৰ বটল জব্দ। নগাঁও আৰক্ষীৰ অভিযান।

0 31

নগাঁও নগৰ আৰক্ষীয়ে শুকুৰবাৰে দুপৰীয়া চহৰ খনৰ চকীটুপত অভিযান চলাই বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে এক নিদিষ্ট খবৰৰ ভিত্তিত চকীটুপ অঞ্চলৰ দেৱ দেৱনাথ নামৰ লোকজনৰ ঘৰত অভিযান চলাই ১২ কাৰ্টুন নিচাযুক্ত ঔষধৰ বটল জব্দ কৰে। অবশ্যে আৰক্ষীৰ অভিযানকাৰী দলটোৱে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। আৰক্ষী অহাৰ উমান পাই ড্ৰাগছ ব্যৱসায়ী  দেৱ দেৱনাথে কৌশলেৰে পলায় যাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দেৱ দেৱনাথে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল। সম্প্ৰতি নগাঁও আৰক্ষীয়ে দেৱ দেৱনাথৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Leave A Reply