Breaking

ৰাসৰ অসুৰ চাবলৈ ৰাইজৰ ভিৰ ।

0 818

লোকে লোকাৰণ্য ম’হগড়ৰ ৰাসস্থলী ।

গৌতম ডেকাৰ উদ্যোগত অনুষ্ঠিত হ’ল ৰাস ।

ফুলগুৰিৰ – ম’হগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৬ তম্ ৰাস খনে আলোচ্য বিষয় হৈ পৰিছে । ম’হগড়ৰ কলংপৰীয়া আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাস খনত বহু হাজাৰ দৰ্শনাৰ্থীয়ে ৰাসৰ অভিনয় চোৱাৰ লগতে অসুৰ ৰূপী বেহাৰবাৰী আউটপষ্টৰ বিউটি বাইলুং ওৰফে চুমকি কছাৰীয়ে কৰা অসুৰৰ অভিনয় চাবলৈ ভিৰ কৰিছিল ৰাস স্থলীত । ৪ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসত প্ৰথম দিনা পুৱা দিলীপ ডেকাই ধৰ্ম ধ্বজা উত্তোলনেৰে ৰাসৰ শুভাৰম্ভ কৰে। দিনেশ ডেকাই বন্তি প্ৰজ্বলন, গনেশ চন্দ্ৰ বৰদলৈয়ে স্মৃতি তৰ্পণ, প্ৰদীপ ডেকাই গুৰু আসন স্থাপন আদি কাৰ্যসূচীৰ পাছত অনুষ্ঠিত হয় বৰ ধেমালীৰ অনুষ্ঠান। দ্বিতীয় দিনা পুৱা প্ৰফুল্ল ডেকাই শৰাই স্থাপন, কলিয়া দেউৰীয়ে ভাগৱত পাঠ , নাম প্ৰসংগ আদিৰ পাছত সন্ধিয়া অনুষ্ঠিত হয় কেলি গোপাল নাট । ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰথমটো শ্ৰেষ্ঠ এল জিৰ শ্ব’ৰোম জি এম ইলেকট্ৰনিক্স এণ্ড ফাৰ্নিচাৰৰ স্বত্বাধিকাৰী গৌতম ডেকাৰ উদ্বোধন কৰে ৰাসলীলাৰ নাটক খন । ফুলগুৰিৰ জনপ্ৰিয় ব্যক্তি প্ৰদীপ ডেকাই আঁত ধৰা সভাখনত গৌতম ডেকাৰ লগতে তেওঁৰ পত্নী মনিকাঞ্চন বৰা ডেকাই সংস্কৃত শ্লোক , মাধৱদেৱৰ নামঘোষাৰ পংক্তি, ৰাসলীলাৰ নাম আদি পৰিবেশন কৰি এক ধৰ্মীয় আৰু আধ্যাত্মিক ভক্তিৰ মাৰ্গৰ বিশ্লেষণ কৰি ভাষণ প্ৰদান কৰে । অনুষ্ঠানত ৰাসখনত অসুৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ অহা চুমকি কছাৰী ওৰফে বিউটি বাইলুঙক জি এম ইলেকট্ৰনিক্স এণ্ড ফাৰ্নিচাৰৰ স্বত্বাধিকাৰী পৰিয়ালৰ পৰা সম্বৰ্ধনা পত্ৰ, গামোচা , চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়। একে অনুষ্ঠানতে ৰাসখনৰ পৃষ্ঠপোষক গৌতম ডেকা আৰু মনিকাঞ্চন বৰা ডেকাক গামোচা, চেলেং মানপত্ৰৰে ৰাস উদযাপন সমিতিয়ে উমান সম্বৰ্ধনা জনাই। এক নতুনত্ব প‌্ৰদানৰ উদেশ্য লৈ ৰাসখনলৈ অসুৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ অনা গৌতম ডেকাই ফুলগুৰি বজাৰৰ পৰা বেনপাৰ্টিৰ বাজনাৰ মাজেৰে পোন্ধৰ খন গাড়ীৰ এক দীঘলীয়া গাড়ীৰ সমদল কৰি ৰাস স্থলীলৈ অসুৰৰ অভিনয় কৰিবলৈ আদৰি আনিছিল বিউটি বাইলুঙক । লোকে লোকাৰণ্য হোৱা দৰ্শকে পুৱতী নিশালৈ উপভোগ কৰিলে বিউটি বাইলুঙৰ অসুৰ ৰূপী ভাওনাৰ বলিষ্ঠ অভিনয় । এক অতুনত্বৰ সোৱাদ দিয়াৰ বাবে উপস্থিত দৰ্শকে গৌতম ডেকাক দিলে আৰ্শীবাদ।

Leave A Reply