Breaking

মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ১০০শতাংশ উত্তীৰ্ণ…

0 40

বোৰ্খা পৰিধান কৰিও যে শিক্ষাৰ জ্ঞান লাভ কৰিব পাৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাকেই প্ৰমাণ কৰি দেখোৱালে মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাই। আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৯৮ গৰাকী ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰে ষ্টাৰ মাৰ্ক-২ গৰাকী, প্ৰথম বিভাগত -৫২ গৰাকী, দ্বিতীয় বিভাগত -৪৪ গৰাকী উত্তীৰ্ণ হোৱাৰ লগতে ২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।


ইয়াৰে বিজ্ঞান, অসমীয়া, ইংৰাজী আৰু আৰবী বিষয়ত মুঠ ৬৮ গৰাকী ছাত্ৰীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়। এই ফলাফল ঘোষণাৰ পাছতে মাদ্ৰাছাৰ পৰিচালনাৰ দায়িত্বত থকা প্ৰধান শিক্ষক কাৰী ৰূহুল আমিনে সংবাদ মাধ্যমৰ আগত কয় যে মাদ্ৰাছা বুলি কলেই ধৰ্মীয় শিক্ষা নহয়। ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও যে গ্ৰহণ কৰিব পাৰি তাকেই আমি প্ৰমাণ কৰি দিছোঁ।আমাৰ দৰে অন্যান্য মাদ্ৰাছা ও ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে। এই মাদ্ৰাছাই দৰিদ্ৰ ছাত্ৰী সকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰী সকলক বিনামূলীয়া কৈ বিদেশ ভ্ৰমণ কৰাই আহিছে। কিছুদিন পূৰ্বে ঘোষণা কৰা ALL ASSAM TALIMI TARAKKI BORADৰ মাদ্ৰাছাৰ আৰবী বিভাগৰ ফলাফলত সকলো ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে গোটেই অসমৰ ভিতৰত 5টা স্থান ৰ ভিতৰত প্ৰথম, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিবলৈ এই জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ছাত্ৰী সকলে সক্ষম হয়।

Leave A Reply