Breaking

১৩৭ ইউক্ৰেইন সেনা আৰু সাধাৰণ নাগৰিকৰ মৃত্যু!

0 2,063

বৃহস্পতিবাৰে ৰাছিয়াই আক্ৰমণ কৰে ইউক্ৰেইনক! ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰে যে পূব ইউৰোপৰ ডনবাছত সামৰিক অভিযান চলাব ৰাছিয়াৰ সেনা বাহিনীয়ে। ইউক্ৰেইনৰ সেনা বাহিনীক দিলে উপদেশ যাতে তেওঁলোকে অস্ত্ৰ এৰি ঘৰলৈ যায়। তাৰপিছতে ৰাছিয়া আৰু ইউক্ৰেইন মাজত এখন যুদ্ধ।ৰাছিয়াই ইউক্ৰেইন বহু শান্তিপূৰ্ণ অঞ্চলত আক্ৰমণ চলায় ।আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি সকিয়নী যদি কোনো বাহিৰৰ শক্তিয়ে বাধা দিয়াৰ চেষ্টা চলাই তেন্তে তাৰ ফল ভাল নহ’ব ।
ইয়াৰ পিছতে আৰম্ভ হয় এক গুলিবৰ্ষণৰ পৰিৱেশ।এতিয়ালৈকে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সেনা আৰু সাধাৰণ লোক সহ মুঠ ১৩৭ জনৰ মৃত্যু হৈছে বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীয়ে জনাই।ৰাছিয়াৰ সেনাই ক্ৰমে ইউক্ৰেইনৰ ৰাজধানী কিভেৰ দিশে আগুৱাইছে।

সেনা প্ৰত্যাহাৰৰ বাবে কোনো আগ্ৰহ দেখুওৱা নাই পুটিনে। ইয়াৰ মাজতো তেওঁলোকে যুদ্ধ চলাই যাব,ৰাছিয়াক প্ৰত্যুত্তৰ দিব বুলি জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে। ৰাছিয়াৰ বিশাল সেনা বাহিনীৰ তুলনাত ইউক্ৰেইন কম শক্তিশালী হ’লেও নিজক ৰক্ষা কৰিবলৈ মৃত্যু পৰ্যন্ত যুঁজ চলাই যাব বুলি জনাইছে ইউক্ৰেইন চৰকাৰে।

Leave A Reply