Breaking

ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপ।

0 2,016

দালগুৰি জিলা ভেৰগাঁ‌ও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ৫ অক্টোবৰ মঙ্গলবাৰে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভাৰম্ভণি কৰে।”৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হব লগা মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভ উদ্ধোধন কৰে বিটিচি ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োয়ে।”উল্লেখ্য যে বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মহান আন্দোলনকাৰী সকলৰ স্মিতি  সৌৱৰনত বিগত ১৩ বছৰে ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত আৰু ভেৰগাঁ‌ও ক্ৰীড়া সন্থাৰ সহযোগত  মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে যাৰ পৰিপেক্ষিতত এইবেলিও ভেৰগাঁ‌ও এবছুয়ে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।””ভেৰগাও হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে।ওদালগুৰি জিলা বিদ্যালয় উপ-পৰিদৰ্শক  ভূমিধৰ বড়ো।””মহকুমা আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ পেগু,”খৈৰাবাৰী আঞ্চলিক এবছুৰ সভাপতি হেম কুমাৰ বসুমতাৰী। ভেৰগাঁ‌ও জিলা ইউ পিপিএল সভাপতি নন্দৰাম বড়োৰ লগতে ভেৰগাঁ‌ও হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন ডেকা সহ ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ উপসভাপতি মোনমোহন বড়োয়ে উপস্থিত থকা উদ্ধোধনী সভাৰ দ্বাৰাই উদ্ধোধক EM দাওবাইছা বড়োয়ে কয় যে”খেলে মানুহক শাৰীৰিক ভাৱে সুস্থ কৰি ৰখাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰিতি আৰু ভাতৃত্ববোধ জীয়াই ৰাখে সেয়েহে ভেৰগাঁ‌ও এবছুৰ এনে পদক্ষেপক EM দাওবাইছা বড়োয়ে প্ৰশংসা কৰাৰ লগতেপ্ৰথম দিনৰ প্ৰথম দুটি মহিলা ফুটবল দল  “”ভেৰগাও গাম্বাৰী মহিলা ফুটবল দল আৰু শুকলাই চেৰফাং FC মহিলা ফুটবল খেলুৱৈ দলক সুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰি খেল সুভউদ্ধোধন কৰে EM দাওবাইছা বড়োয়ে।

Leave A Reply