Breaking

জামুগুৰিহাটত ১৪১ গৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক ‘গুৰুসেৱা’

0 69

শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত জামুগুৰিহাটৰ ধলাইবিল সাহিত্য সভা ভৱনত নদুৱাৰ শিক্ষাখণ্ডৰ অধিনৰ প্ৰাথমিক পৰ্যায়ৰ অৱসৰী ১৪১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক “গুৰুসেৱা” অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰি আঞ্চলিক উন্নতি সভা আৰু অসম সেনাৰ সহযোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰতিগৰাকী শিক্ষাগুৰুকে একোখনকৈ ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে সন্মান জনোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষাগুৰুৰপৰা আশীষ গ্ৰহণ কৰে উদ্যোক্তাসকলে৷

ওৰেটো জীৱণ সমাজত শৈক্ষিক সভ্যতাৰ পোহৰ বিলাই জীৱণৰ মাদকতা বিচাৰি বৰ্তমান অৱসৰী হোৱা শিক্ষাগুৰুসকলক সেৱাৰ মানসেৰে অনুষ্ঠিতব্য এই বিশেষ দিনটোৰ বিশেষ অনুষ্ঠানটি বিগত তিনি দশক ধৰি ৫ ছেপ্টেম্বৰৰ দিনটোতেই নিৰবিচ্ছিন্নভাবে অনুষ্ঠিত কৰি আহিছে৷

সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে শুভ উদ্বোধন কৰা অনুষ্ঠানটি সঞ্চালনা কৰে জামুগুৰি আঞ্চলিক উন্নতি সভাৰ মূখ্য আহবায়ক ৰঞ্জন কুমাৰ দাসে৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অসম উন্নতি সভাৰ উপ সভাপতি বিপুল বৰা,উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি ৰত্নকান্ত নাথ উপস্থিত থকাৰ উপৰিও বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল অসম সেনাৰ আহবায়ক ৰাজনীশ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক বিশ্বজিত কলিতা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ৷ ছাত্ৰ নেতা দেৱ দিপাংকৰ শইকীয়া আৰু উদ্দিপ্ত কাশ্যপে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ সকলো কাৰ্যসুচীতে ৰাইজৰ সহযোগিতা লাভ কৰা বাবে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি ধূৰ্জত গোস্বামী আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অঞ্জনজ্যোতি হাজৰিকাই৷

-জোন বৰা ,জামুগুৰিহাট

Leave A Reply