Breaking

গোলাঘাট সদৰ থানাৰ সন্মুখত এখন স্কুটী পৰা পিষ্টলসহ বৃহৎ পৰিমানৰ ড্ৰাগছ লগতে 7.65 পিষ্টলসহ ১৫ জাই সজীৱ গুলি উদ্ধাৰ

0 1,056

গোলাঘাট সদৰ থানাৰ সন্মুখত থকা পাৰ্কিং থকা এখন স্কুটী পৰা উদ্ধাৰ হৈছে পিষ্টলসহ বৃহৎ পৰিমানৰ ড্ৰাগছ৷আৰক্ষীয়ে 7.65 পিষ্টলসহ ১৫ জাই সজীৱ গুলি উদ্ধাৰ কৰে৷ঘটনা সন্দৰ্ভত আমজেদ খান নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধপোছৰ বাবে ৰাজেন চিদ্দিকী নামৰ এজনক আটক কৰিছে৷আৰক্ষীয়ে জনোৱা অনুসৰি ড্ৰাগছখিনিৰ মূল্য প্ৰায় তিনিলাখ টকাৰ বুলি ধাৰনা কৰিছে ৷সদৰ থানাৰ সন্মুখত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আমজেদ খানক হাতেলোটে ধৰা পেলাবলৈ সক্ষম হয় ৷

উল্লেখ্য যে আমজেদ খান পূৰ্বৰে পৰা ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ৷উক্ত ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ গোলাঘাটত।

Leave A Reply