Breaking

গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ ১৫ সংখ্যক নৱাগত আদৰণি সভা সম্পন্ন

0 67

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ ১৫ সংখ্যক নৱাগত আদৰণি সভাখন আজি শনিবাৰে সম্পন্ন হৈ যায় ৷ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিনাকি পৰ্ব অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয় ৷

উক্ত মুকলি সভাতে ড° জয়ৰাম ঝা আৰু ড° সুৰজিৎ দলেৰ নৱতম ইংৰাজী ভাষাৰ গ্ৰন্থ ফাইভ পষ্ট কলনিয়েল নভেলিষ্ট অব টুৱেণ্টি চেঞুৰি উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ তেওঁক সহযোগ কৰে এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুখ্যনাথ পাতিৰ আৰু গ্ৰন্থ প্ৰণেতা ড° সুৰজিৎ দলেৰ পিতৃ-মাতৃয়ে ৷

মুকলি সভাত উপস্থিত থাকে তিনিচুকীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষা নয়না বুঢ়াগো মিচিং স্বায়ত্তশাাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, প্ৰতিষ্ঠিত ব্যৱসায়ী গোবিন্দ গগৈ, মিচিং বোলছবিৰ অভিনেতা ফিৰোজ পেগু ৷ অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰো আয়োজন কৰা হয় ৷

Leave A Reply