Breaking

মহাগৰীত পুনৰ ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰঃ আটক অভিযুক্ত

0 2,029

 গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনাৰ । এইবাৰ মহানগৰীৰ সাতগাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলি হয় নিৰ্যাতনৰ ৷ নিৰ্যাতিতাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত যুৱকজনক। ধৃত যুৱকজন সাতগাঁৱৰ নবাপাৰাৰ মিলিজুলি পথৰ বাঁহৰতলৰ আমিনুল হক (২১) বুলি জানিবলৈ পোৱা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা ১২ বজাত শৌচালয়ৰ পৰা যুৱতীগৰাকীক মুখত সোপা দি নিজৰ ঘৰলৈ কিশোৰীগৰাকীক আনি উপৰ্যুপৰি বলাৎকাৰ কৰে ধৃত আমিনুলে। কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত সাতগাঁও থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিতে সাতগাঁও আৰক্ষীয়ে নিশা সাতগাঁৱৰ মিলিজুলি পথৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট যুৱকজনক। ধৃত যুৱকজনৰ বিৰুদ্ধে সাতগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৬ আৰু শিশু সুৰক্ষা আইনৰ ২০১২ এক্টৰ ৪নং ধাৰাৰ অধীনত থানাত ১৮০/২১ নম্বৰত ৰুজু কৰা হৈছে গোচৰ।

Leave A Reply