Breaking

নাজিৰাৰ লিগিৰীপুখুৰীস্থ ১ ম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 63

আজি অসমৰ প্ৰথমটো আৰক্ষী বাহিনীৰ ৭৫ তম প্ৰতিষ্ঠা দিৱস l বৃটিছ ৰাজত্ব কালত ১৯৪২ চনত Assam Rail Force নামেৰে প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বযুদ্ধ সময়ত Auxiliary Force ৰূপে নিয়োজিত কৰা বাহিনীটোৱে যুদ্ধত অৱতীৰ্ণ হৈছিল l আৰু তাৰ পৰৱৰ্তী সময়ত ১৯৪২ চনৰ ১৫ জুলাই তাৰিখে ১ ম অসম আৰক্ষী বাহিনী হিচাপে নামাকৰণ কৰা হয় আৰু ১৯৫২ চনৰ ১ আগষ্ট তাৰিখে অসমৰ প্ৰথম বাহিনী দেৰগাঁওৰ কপাঁহতলি পথাৰত গঠন হয়l পৰৱৰ্তী সময়ত ১৯৮৩ চনত এই বাহিনী লিগিৰী পুখুৰীলৈ স্থানান্তৰিত কৰা হয় l বাহিনীটোৰ প্ৰথম অধিনায়াক H F G Burbidge চাহাবে দায়িত্ব গ্ৰহণ কৰা পাছৰে পৰা অৰ্থাৎ ১৯৪৮ চনৰ ০১ ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে ধায্য কৰি আজিৰ এই দিনটোক প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে l

আজিৰ এই পৱিত্ৰ দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰক্ষীৰ উত্তৰ পূব সংমণ্ডলৰ মহাপ্ৰৱন্ধক জিত মল দলে l ভাষণ প্ৰসংগত দলে আৰক্ষী জনগণৰ লগতে দেশৰ নিৰাপত্তা আৰু জনসাধাৰণৰ হিত সাধনাৰ্থে নিষ্ঠা সহকাৰে কৰ্ত্তব্য পালন কৰা উচিত আৰু সেই কৰ্ত্তব্য পালন কৰিবলৈ যাওঁতে অজস্ৰজনে নিজৰ জীৱন উৰ্চগা কৰিব লগা হৈছে । নিজৰ জীৱন উৰ্চগা কৰি দেশ আৰু জনগণৰ নিৰাপত্তাত নিয়োজিত অমৰ জোৱান তথা বীৰ শ্বহীদ সকলৰ ত্যাগ চিৰকাললৈ স্মৰণীয় হৈ থাকিব বুলি আৰক্ষীৰ উত্তৰ – পূৱ সংমণ্ডলৰ মহাপ্ৰৱন্ধক জিতমন দলে মতপোষণ কৰে । পুৱা শ্বহীদ তৰ্পণ , বৃক্ষ ৰোপণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ বিয়লি প্ৰীতি ফুটবল প্ৰতিযোগিতা আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰিব।

Leave A Reply