Breaking

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ এন চি চিৰ ২০ জনী গাৰ্লছ কেডেটে…

0 36

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ এন চি চিৰ ২০ জনী গাৰ্লছ কেডেটে

অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া ২০২৪ বৰ্ষৰ গণৰাজ্য দিবসৰ পেৰেডৰ কাৰ্যসূচীত ব্ৰাছ বেণ্ডত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰিব ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ গুৱাহাটী গ্ৰুপৰ প্ৰথম এন চি চি বেটেলিয়ানৰ জুনিয়ৰ উইঙৰ অন্তৰ্গত গুৱাহাটীৰ পাথৰকুঁৱৰীৰ ছেণ্ট ফ্ৰান্সিছ স্কুলৰ ছাত্ৰী তথা ২০ জনী গাৰ্লছ কেডেটে ।

ছেইণ্ট ফ্ৰান্সিছ স্কুলৰ ১৩ ৰ পৰা ১৫ বছৰ বয়সৰ এই ২০ জনী এন চি চি জুনিয়ৰ উইঙৰ গাৰ্লছ কেডেটে নতুন দিল্লীত ২০২৪ চনৰ গণৰাজ্য দিৱস শিবিৰত কৰ্তব্য পথত মাৰ্চপাৰ্টত ভাগ লোৱাৰ বাবে নিৰ্বাচিত হৈছে। এন চি চিৰ উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ক ব্রাছ বেণ্ডত মুঠ ৪৫ জনী গাৰ্লছ কেডেটে প্ৰতিনিধিত্ব কৰিব । যত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানৰ পৰাই ২০ জনী ছাত্ৰী নিৰ্বাচিত হৈছে।

ইফালে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত নিৰ্বাচিত হোৱা কেডেট সকলে পহিলা অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ নাগালেণ্ডৰ কোহিমাৰ আছাম ৰাইফলছত প্ৰশিক্ষণ শিবিৰত প্ৰাক গণৰাজ্য দিৱসৰ শিবিৰত অংশগ্ৰহণ কৰিব । তাৰ পিছত ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আন এটা প্ৰাক গণৰাজ্য দিৱসৰ শিবিৰত অংশগ্ৰহণ কৰি কেডেটৰ দলটোৱে নতুন দিল্লীত এন চি চিৰ সঞ্চালক প্ৰধানৰ অধীনত অনুষ্ঠিত হবলগীয়া গণৰাজ্য দিৱসৰ শিবিৰত ভাগ লোৱাৰ উদ্দেশ্যে ২৫ ডিচেম্বৰত ৰেলযোগে যাত্ৰা কৰিব।

Leave A Reply