Breaking

2৮ ডিচেম্বৰৰ পৰা গোগামুখত ধেমাজি এবছুৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন : উখল-মাখল ঔগুৰি দাউহাৰো পথাৰ

0 2,042

অসমৰ অন্যতম ভুমিপুত্ৰ বড়ো সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্হা চমুকৈ এবছুৰ ধেমাজি জিলা সমিতিৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন কালিৰ পৰা অনুষ্ঠিত হব ৷ ধেমাজি জিলাৰ গোগামুখৰ মধ্য মিংমাং পঞ্চায়তৰ অন্তৰ্গত ঔগুৰিৰ দাউহাৰো পথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰেে অনুষ্ঠিত হ’বলগা অধিৱেশনৰ প্ৰস্তুতিি পৰ্ব ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

অধিৱেশনখন মূল সভাগৃহ, মঞ্চ আৰু আদৰণি তোৰণ  ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷  এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি শিৱৰাম বসুমতাৰী আৰু সম্পাদক উদাং বি বড’চাই জানিবলৈ দিয়া মতে অধিৱেশনখনত প্ৰায় ১ হাজাৰ প্ৰতিনিধি উপস্থিত থাকিব ৷ প্ৰতিনিধি সকল কাইলৈ পুৱাৰ ভাগত অধিৱেশনস্হলীত উপস্থিত হ’ব আৰু প্ৰতিনিধি সকলৰ থকা-খোৱাৰ সু-ব্যৱস্হা কৰা হৈছে বুলি তেওঁলোকে জনাইছে ৷ অধিৱেশনৰ কাৰ্যসূচী অনুযায়ী কাইলৈ চাফাই অভিযান, আদৰণি তোৰণ উদ্বোধন, অতিথিশালা উদ্বোধন, মূল সভাগৃহ উদ্বোধন, অস্থায়ী বজাৰগৃহ উদ্বোধন, প্ৰতিনিধি শিবিৰ উদ্বোধন, প্ৰতিনিধি পঞ্জীয়ন, স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ ইয়াৰ পিছতে ছেমিনাৰ অনুষ্ঠিত হ’ব ৷ সন্ধিয়া সাংস্কৃতিক প্ৰতিযোগিতা, প্ৰতিনিধি সভা মুকলি আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ অধিৱেশনৰ দিত্বীয় দিনা গছপুলি ৰোপন, পতাকা উত্তোলন, মুকলি সভা 

অনুষ্ঠিত কৰা হ’ব ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়া, কাৰ্যকৰী সভাপতি কামেন স্বৰ্গীয়াৰী আৰু সম্পাদক মনিণ বসুমতাৰীয়ে অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

Leave A Reply